নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ নেতৃত্বত বিৰোধী মিত্রগোট গঠন

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ ৰাজ্যৰ সামগ্রিক বিকাশৰ স্বার্থত প্রতিগৰাকী বিধায়কক লৈ মন্ত্রীসকলৰ নেতৃত্বত ইতিমধ্যে শাসকীয় মিত্রদলৰ গোট গঠনৰ পাছত এইবাৰ বিৰোধী বিধায়কক লৈ গঠন কৰা হৈছে মিত্রগোট৷ আজি প্রকাশ কৰা মিত্রগোটৰ তালিকা অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত মিত্রগোটৰ বিধায়ক হিচাপে থাকিব বিৰোধী কংগ্রেছৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, দিগন্ত বর্মন, ভাস্কৰজ্যোতি বৰুৱা, বি পি এফৰ বিধায়ক ৰবিৰাম নার্জাৰী, চৰণ বড়ো, এ আই ইউ ডি এফৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু কৰিমউদ্দিন বৰভূঞা৷

সেইদৰে মন্ত্রী ৰঞ্জিত দাসৰ নেতৃত্বত মিত্রগোটত থাকিব কংগ্রেছৰ বিধায়ক আব্দুল ৰহিম আহমেদ, শ্বেৰমান আলী আহমেদ, দেৱব্রত শইকীয়া, শিৱামণি বৰা, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ), চিৰাজউদ্দিন আজমল, হাফিজ বছিৰ আহমেদ৷ মন্ত্রী অতুল বৰাৰ নেতৃত্বত থাকিব কংগ্রেছৰ ভৰত চন্দ্র নৰহ, বসন্ত দাস, শশীকান্ত দাস, ছিদ্দিক আহমেদ, আব্দুল বাতিন খণ্ডকাৰ, নির্দলীয় বিধায়ক অখিল গগৈ আৰু এ আই ইউ ডি এফৰ বিধায়ক আব্দুল আজিজ৷

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত মিত্রগোটত থাকিব কংগ্রেছৰ মিছবাহুল ইছলাম লস্কৰ, খলিলুদ্দিন মজুমদাৰ, ৱাজেদ আলী চৌধুৰী, যাদৱ স্বর্গীয়াৰী, ৰকিবুল হুছেইন, নন্দিতা দাস, এ আই ইউ ডি এফৰ বিধায়ক নিজানুৰ ৰহমান, ছামচুল হুদা আৰু আশ্রফুল হুছেইন৷ কেশৱ মহন্তৰ নেতৃত্বত মিত্রগোটত থাকিব এ আই ইউ ডি এফৰ আব্দুল কালাম ৰছিদ আলম, জাকিৰ হুছেইন লস্কৰ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, নুৰুল হক, কংগ্রেছৰ বিধায়ক নুৰুল হুদা আৰু আব্দুছ ছোবাহান আলী সৰকাৰ৷ মন্ত্রী পীয়ূষ হাজৰিকাৰ মিত্রগোটত থাকিব কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্ক, প্রদীপ সৰকাৰ, আব্দুৰ ৰছিদ মণ্ডল, আফতাবউদ্দিন মোল্লা, আছিক মহম্মদ নজৰ, এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমান, আমিনুল ইছলাম, বি পি এফৰ বিধায়ক দুর্গাদাস বড়ো আৰু চি পি (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ৷

You might also like