নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাইত চোৰাং কাঠ সৰবৰাহকাৰীৰে বনকর্মীৰ প্রচণ্ড গুলীয়াগুলী

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ যোৱা দুটা বছৰ ধৰি দিহিং পাটকাই অভয়াৰণ্য আৰু বর্তমানৰ দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ ভিতৰচ’ৰাত চলি থকা বন ধ্বংসযজ্ঞ, চোৰাং কাঠ সৰবৰাহ, শিল–বালি–কয়লা খননৰ লগতে শেহতীয়াকৈ দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ অন্তর্গত নাকফান এলেকাত অৰুণাচলীয়ে বন ধ্বংস কৰি অসমৰ মাটি বেদখল কৰা কার্য আদিৰ বাতৰি ‘নিয়মীয়া বার্তা’ কাকতযোগে প্রকাশ কৰি থকাৰ পাছত ক্রমে গা লৰা দেখা গৈছে বন বিভাগৰ৷ নৱঘোষিত ৰাষ্ট্রীয় উদ্যানখনৰ জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত বন বিভাগে এতিয়া চলাইছে নানা অভিযান আৰু নিয়মিত টহলদাৰী৷ কিন্তু এনে বন ধ্বংসৰ ফলতে দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানত বন বিভাগ আৰু চোৰাং কুণ্ডা সৰবৰাহকাৰীৰ মাজত ১৯ জুলাইৰ পুৱতিনিশা সংঘটিত হয় প্রচণ্ড গুলীয়াগুলী৷

চোৰাং কুণ্ডা সৰবৰাহকাৰী আৰু বন বিভাগৰ মাজৰ ক্রচ ফায়াৰিঙত নিহত হয় চোৰাং কুণ্ডা সৰবৰাহত ব্যৱহূত এটা ঘৰচীয়া হাতী৷ আজি জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ চন্দ্র নেওগে সংবাদ মাধ্যমক জনোৱা মতে, যোৱা সোমবাৰে পুৱতিনিশা জয়পুৰ আঞ্চলিক বন কার্যালয়ৰ অন্তর্গত দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ অসম অৰুণাচল সীমান্তৰ শুকানজুৰিৰ দিশত বন বিভাগৰ এটা দল টহলত যায়৷ শুকানজুৰি খণ্ড বন কার্যালয়ৰ পৰা প্রায় ৫ কিলোমিটাৰ অতিক্রম কৰাৰ পাছতে বাসৱ নলা এলেকাত বন বিভাগৰ দলটোৱে মেচিনৰ সহায়ত গছ কাটি থকাৰ শব্দ শুনে৷ লগে লগে বন বিভাগৰ দলটো ক্রমাৎ আগবাঢ়ি যাবলৈ ধৰাত চোৰাং কুণ্ডা সৰবৰাহকাৰী দুর্বৃত্তৰ দলটোৱে বন বিভাগৰ লোক অহাৰ উমান পাই বন বিভাগৰ দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰে৷

প্রত্যুত্তৰত আত্মসুৰক্ষাৰ বাবে বন বিভাগৰ ফালৰ পৰাও সমানেই গুলীবর্ষণ কৰা হয়৷ প্রায় ১ ঘণ্টা সময় ক্রচ ফায়াৰিঙৰ পাছত পৰিস্থিতি শাম কটাত দুর্গম অঞ্চল হোৱা হেতু বন বিভাগৰ দলটো উভতি আহে৷ পিছদিনা পুনৰ বিয়লিৰ ভাগত বন বিভাগৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ চোৰাং কুণ্ডা আৰু গুলীবিদ্ধ হৈ নিহত হোৱা হাতী এটা উদ্ধাৰ কৰে৷ বন বিভাগে জানিবলৈ দিয়া অনুসৰি চোৰাং কুণ্ডা সৰবৰাহকাৰী দুর্বৃত্তৰ দলে দীর্ঘদিন ধৰি দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ মূল্যৱান গছ কাটি হাতীৰ সহায়ত সৰবৰাহ কৰি আহিছিল৷ কিছু দিন নিয়মীয়া টহল দিয়া সত্ত্বেও ধৰিব পৰা নাছিল৷ কিন্তু উক্ত দিনা বন বিভাগ আৰু দুর্বৃত্তৰ দলটোৰ মাজত হোৱা গুলীবর্ষণত এই হাতীটোৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে বন বিভাগে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ ব্যৱস্থা কৰে৷

উল্লেখ্য যে যোৱা ৩ জুলাইত ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যই জয়পুৰত উপস্থিত হৈ দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ ফলক উন্মোচন কৰি আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় উদ্যান মুকলি কৰে যদিও ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰচ’ৰাত চলি থকা বন ধ্বংসযজ্ঞ ৰোধ কৰিবলৈ কি পদক্ষেপ গ্রহণ কৰিব বুলি সংবাদ মাধ্যমে সোধা প্রশ্ণৰ উত্তৰত শীঘ্রে এই সমস্যাসমূহ সমাধান কৰিব বুলি সদৰী কৰিছিল৷ তাৰ এসপ্তাহ পাছতেই অসমৰ সংবাদ মাধ্যমত দিহিং পাটকাই উদ্যানখনৰ নাকফান এলেকাত অৰুণাচলীয়ে হাবি–জংঘল কাটি কিদৰে গাঁও পাতি, খেতি কৰি জীৱন নির্বাহ কৰিছে, সেই বিষয়ে বিস্তাৰ ৰূপত বাতৰি প্রকাশ পাইছিল৷ কেৱল সিমানেই নহয়, ঘৰচীয়া হাতী ব্যৱহাৰ কৰি বাসৱনলা, কঁঠালগুৰি, চেণ্ড্রেল ৰোড, অভয়পুৰ আদি অঞ্চলত নিতৌ চলি আহিছে হোলোং, মেকাই, তিতাচপা, চেগুন আদিৰ দৰে মূল্যৱান গছ কাটি কৰা বন ধ্বংসকার্য৷ ইয়াৰ উপৰি বর্তমান দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভুক্ত হোৱা দিল্লী সংৰক্ষিত বনাঞ্চলৰ এটা বৃহৎ অংশ দুর্বৃত্তই গছ কাটি এনেদৰে তহিলং কৰিছে৷

উল্লেখ্য যে উক্ত বৃহৎ অঞ্চল আনকি গুগল মেপ বা ছেটেলাইট মেপযোগেও স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়৷ এক বৃহৎ অঞ্চল সামৰি থকা দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষাৰ বাবে জয়পুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত তিনিটা খণ্ড কার্যালয়ত কেৱল ছয়জন সুৰক্ষা কর্মী আছে, কিন্তু ডিব্রুগড়ত বন সুৰক্ষাৰ বাবে এটা বৃহৎ প্রটেকচন ফ’ৰ্চ থকাৰ পাছতো উদ্যানখনৰ সুৰক্ষাৰ স্বার্থত কিয় এই ফ’ৰ্চ ব্যৱহাৰ কৰা নহয়, সেয়া এক ৰহস্যজনক বিষয়৷ এতিয়া দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষাৰ স্বার্থত বনমন্ত্রী পৰিমল শুক্লবৈদ্য তথা ৰাজ্যৰ অপৰাধমূলক কার্যৰ বিৰুদ্ধে কঠোৰ হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কি পদক্ষেপ গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷

You might also like