নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিলৈ অখিল গগৈ, লুৰিণজ্যোতি গগৈক আদৰণি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ  “অখিল গগৈয়ে হওক বা লুৰিণ জ্যোতি গগৈয়ে হওক, যিমান ডেকা ল’ৰা ৰাজনীতিলৈ আহিব সকলোকে মই আদৰণি জনাম। কিন্তু নিৰ্বাচনৰ কথাটো বেলেগ। নীতি-আদৰ্শক চাইহে মানুহে ভোট দিয়ে। আমি অসমখনক আন্দোলন কৰিবলৈ এৰি দিব নোৱাৰো, ৰাস্তাত টায়াৰ জ্বলাবলৈ বা শংকৰদেৱ কলাক্ষেত্ৰক জ্বলাবলৈ এৰি দিবটো নোৱাৰো। গতিকে ৰাইজে শান্তি, বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত ভোট দিব।”-আজি সাংবাদিকৰে হোৱা মতবিনিময়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে যিবিলাক শক্তিয়ে অসমলৈ উদ্যোগ অহা বন্ধ কৰিব, অসমৰ নিৱনুৱা সমস্যা প্ৰকট কৰি তুলিব, যিবোৰ শক্তিৰ কাৰণে অসমত বেপাৰ-বাণিজ্য স্তব্ধ হৈ যাব, তেনেকুৱা শক্তিক ৰাইজে ভোট নিদিয়ে বুলি দৃঢ়তাৰে সৈতে বিশ্বাস কৰো বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

এইবাৰ সভ্যতা, সুৰক্ষা আৰু বিকাশৰ এজেণ্ডা লৈ বিজেপি চৰকাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইবাৰ নিৰ্বাচনত কোনো ফেক্টৰ নাই। সন্মুখত গ’লকিপাৰ নাই, যিমান ইচ্ছা সিমান গ’ল সোমোৱাই থাকিব পাৰে।

You might also like