নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্ৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব কণ্ঠশিল্পী শ্রেয়া ঘোষালে

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অনুষ্কা, কৰীণাৰ পাছত এইবাৰ মাতৃ হ’বলৈ আগবাঢ়িছে কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল। অতি সোনকালে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব কণ্ঠশিল্পীগৰাকীয়ে৷ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে৷ লগতে শ্বেয়াৰ কৰিছে গৰ্ভাৱস্থাৰ এখন ফটো ৷

নীলা আৰু সেউজৰঙী সাজৰ সৈতে নিজৰ ফটোখন প’ষ্ট কৰি শ্ৰেয়াই জনাই যে অতি সোনকালেই শিশু শ্ৰেয়াদিত্য পৃথিৱীলৈ আহি আছে৷ স্বামী শিলাদিত্যৰ সৈতে এই খবৰটো সকলোকে দিবলৈ পাই তেওঁ নিজকে সুখী অনুভৱ কৰে ৷ তদুপৰি শ্ৰেয়াই সকলোৰে আশীষ বিচাৰে ৷

ইনষ্টাগ্ৰামযোগে শ্ৰেয়াই এইবুলি কয়, Baby #Shreyaditya is on its way! @shiladitya and me are thrilled to share this news with you all. Need all your love and blessings as we prepare ourselves for this new chapter in our lives.

উল্লেখ্য যে শ্ৰেয়াই ২০১৫ চনত শৈশৱৰ বন্ধু শিলাদিত্য মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োজনে বিবাহৰ ছয় বছৰৰ শেষত তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাবলৈ সাজু হৈছে। শ্ৰেয়া-শিলাদিত্যই বিবাহৰ আগতে দহ বছৰৰ বাবে প্ৰেম কৰিছিল।

You might also like