নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আতংকৰ মাজতে হাৰিয়ানাত অচিন জ্বৰৰ সংহাৰ

নিয়মীয়া বাৰ্তা ১২ মেঃ দেশত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰে কালৰূপ ধাৰণ কৰা সময়তে হাৰিয়ানাৰ ৰ’হটকৰ এখন গাঁৱত ৰহস্যজনক অচিন জ্বৰত বিগত ১০ দিনত ২৮গৰাকী লোকৰ মৃত্যু হোৱা ঘটনাক লৈ নতুন আতংকৰ সৃষ্টি হৈছে৷

ৰহস্যজনক জ্বৰত এই লোকসকলৰ মৃত্যু হৈছে ৰ’হটক জিলাৰ টিট’লী গাঁৱত৷ ইতিমধ্যে গাঁওখন ছীল কৰি দিছে জিলা প্রশাসনে৷ গাঁওখনৰ জনসাধাৰণৰ বাহিৰলৈ অহা–যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্রশাসনে৷ ইতিমধ্যে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে এই ৰহস্যজনক জ্বৰ সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ এই অচিন জ্বৰ যাতে প্রতিৱেশী গাঁওসমূহলৈ বিয়পিব নোৱাৰে, সেই সন্দর্ভত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা লৈছে প্রশাসনে৷

লক্ষণীয়ভাৱে স্থানীয় গঞাই সংবাদ মাধ্যমক জনোৱা অনুসৰি গাঁওখনত এই অচিন জ্বৰত ৪০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ মাত্র দুটা দিনৰ জ্বৰতেই বেছিভাগ লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে বুলি স্থানীয় গঞাই সংবাদ মাধ্যমক জনাইছে৷ এনে ৰহস্যজনক মৃত্যুক লৈ এতিয়া সমগ্র অঞ্চলটোত সৃষ্টি হৈছে আতংক৷

লক্ষণীয়ভাৱে স্বাস্থ্য বিভাগে এতিয়ালৈকে এই অচিন জ্বৰক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই বা ইয়াৰ কাৰণো জানিব পৰা নাই৷

You might also like