নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলোৰৰ আগশাৰীৰ হাস্পতালত চিকিৎসাৰ সুবিধা পাব অসমৰ দৰিদ্র ৰোগীয়ে

নিয়মীয়া বাৰ্তা ১৩ জুলাইঃ এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব অসমৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ ৰোগীয়ে৷ অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্রদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত আজি নতুনকৈ অন্তর্ভুক্ত হ’ল ভেলোৰৰ শ্রীপুৰমস্থিত এই ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খন৷ দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিয়লি স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন–নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘলৰ লগতে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিকভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷

স্বাস্থ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত বিধায়কদ্বয় মানৱ ডেকা, দিগন্ত কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ প্রধান সচিব, আয়ুক্ত সচিব, স্বাস্থ্য সচিব, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালকৰ উপৰি স্বাস্থ্য বিভাগৰ হৈ অটল অমৃত অভিযানৰ মুখ্য কার্যবাহী বিষয়া মনালিছা গোস্বামী আৰু উপ–মুখ্য কার্যবাহী বিষয়া কমলজিৎ তালুকদাৰেও অংশগ্রহণ কৰা অনুষ্ঠানত অটল অমৃত অভিযানৰ কর্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ড০ এন বালাজীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷

অনুষ্ঠানত স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰে যে এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা ভোলোৰত হূদৰোগ, কর্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্রত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব৷ ভেলোৰৰ শ্রীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে ৰাজ্যৰ দুখীয়া ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্রত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হোৱা বুলি মত প্রকাশ কৰে৷ গুৱাহাটী উন্নয়ন তথা নগৰাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্রী সিংঘলেও এই বুজাবুজি চুক্তিয়ে অসম চৰকাৰৰ অটল অমৃত অভিযানক অধিক গতিশীল কৰাত অৰিহণা যোগাব বুলি আশা প্রকাশ কৰে৷

উল্লেখ্য যে ৰাজ্যখনৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপার্জন সামর্থ্যৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ লোকৰ বাবে সাধাৰণতে হোৱা ৬টা উচ্চ ব্যয়সাপেক্ষ ৰোগৰ চিকিৎসা লাভ কৰাটো সুলভ আৰু সহজসাধ্য কৰি তোলাৰ বাবে অসম চৰকাৰে এনে পৰিয়ালৰ প্রতিগৰাকী সদস্যৰ বাবে বছৰি ২ লাখ টকা পর্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে৷ হূদজনিত ৰোগ, কর্কট, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই ৬ শ্রেণীৰ ৰোগৰ অধীনৰ মুঠ ৪৩৮বিধ স্বাস্থ্যজনিত জটিলতাত ভোগা ৰোগীৰ চিকিৎসা আঁচনিখনত অন্তর্ভুক্ত হৈ আছে৷ অটল অমৃত অভিযানৰ অধীনত সুলভ চিকিৎসাৰ সুবিধা গ্রহণৰ বাবে বছৰি ১.২০ লাখ টকাৰ তলৰ উপার্জনক্ষম দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়াল আৰু বছৰি ৫ লাখ টকাতকৈ কম উপার্জনক্ষম আর্থিকভাৱে দুর্বল দাৰিদ্র্য সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সদস্যসকলে নিজ অঞ্চলৰ অসামৰিক চিকিৎসালয়ত আবেদন কৰি অটল অমৃত কার্ড আহৰণ কৰিব পাৰে৷

আঁচনিখনৰ অধীনত অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহত এই অটল অমৃত কার্ড দেখুৱালেই দুখীয়া পৰিয়ালৰ ৰোগীয়ে সর্বাধিক ২ লাখ টকা পর্যন্ত ৰেহাইৰে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব৷ অটল অমৃত অভিযানৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে আজি অন্তর্ভুক্ত হোৱা শ্রীনাৰায়ণী হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰৰ সঞ্চালক ডাঃ বালাজীয়ে প্রকাশ কৰা মতে অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আর্থিকভাৱে দুর্বল পৰিয়ালৰ ৰোগীলৈ হূদৰোগ, কর্কট, বৃক্ক সংস্থাপন, মূত্রৰোগ, নিউৰ’ ছার্জাৰী আদিৰ ক্ষেত্রত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ হ’ব৷

You might also like