নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT গুৱাহাটীৰ অমৰেন্দ্ৰ দাসক অন্তৰ্ৱৰ্তীকালীন উপ-উপাচাৰ্যৰ দায়িত্ব

একাধিক দুৰ্নীতিৰ অভিযোগত অভিযুক্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক বাধ্যতামূলক ছুটীলৈ প্ৰেৰণ কৰা হৈছে। লগতে তেওঁৰ বিৰুদ্ধে থকা অভিযোগসমূহৰ তদন্তৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এক উচ্চ পৰ্যায়াৰ কমিটি গঠন কৰিছে। বিভাগীয় বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।

বিবৃতি অনুসৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন লোকেন্দ্ৰ সিং সিঙৰ নেতৃত্বত গঠন কৰা তিনিজনীয়া তদন্ত কমিটিত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগদীশ কুমাৰ পাটনায়ক আৰু ইউ জি চিৰ সচিব মনীষ আৰ যোশীক সামৰি লোৱা হৈছে।

মন কৰিবলগীয়া যে শিক্ষা মন্ত্ৰালয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্বৰ্তীকালীন উপ উপাচাৰ্য হিচাপে গুৱাহাটী আই আই টিৰ ডিজাইন বিভাগৰ অমৰেন্দ্ৰ কুমাৰ দাসক দায়িত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে যোৱা এশ দিনৰো কিছু বেছি দিন ধৰি উপাচাৰ্য শম্ভূ নাথ সিঙৰ অপসাৰণ তথা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপকসকলেও আন্দোলন চলাই আহিছিল। লগতে ৰাজনৈতিক পৰ্যায়তো হেঁচা প্ৰদান কৰা হৈছিল।

শীতকালীন অধিবেশনত সংসদৰ মজিয়াত অসমৰ একাধিক বিৰোধী সাংসদে বিশ্ববিদ্যালয়খনত বিৰাজমান অৰাজক পৰিস্থিতিৰ কথা দাঙি ধৰি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছিল। মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টোৰ ওপৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰদানৰ হস্তক্ষেপ বিচাৰিছিল।

ইয়াৰ পিছত মন্ত্ৰালয়ৰ তৰফৰ পৰা উপাচাৰ্যজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়াটো অতি তাতপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে উচ্চ পৰ্যায়ৰ তদন্ত কমিটিয়ে অহা তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা। উল্লেখ্য যে অসম চুক্তি মৰ্মে ১৯৯৪ চনত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে তেজপুৰ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

বিশেষ বাৰ্তা, নতুন দিল্লী, ২ জানুৱাৰী

You might also like