নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত উত্তৰ–পূবৰ মুখ্যমন্ত্রী–ডিজিপিৰে আজি বৈঠক

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ  ৰাজ্যসমূহৰ মাজেৰে সৰবৰাহ হৈ থকা ড্রাগ্ছ প্রতিৰোধৰ ক্ষেত্রত অসম চৰকাৰে গ্রহণ কৰি অহা পদক্ষেপক অধিক দৃঢ় কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে প্রস্তুত কৰিছে এলানি নীতি৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে গ্রহণ কৰা এনে নীতিক পর্যালোচনা কৰাৰ বাবে আজি গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এক গুৰুত্বপূর্ণ বৈঠক৷ ড্রাগ্ছ সৰবৰাহ আৰু ৰাষ্ট্রীয় সুৰক্ষা শীর্ষক এই বৈঠকখনত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ লগতে উপস্থিত থাকিব উত্তৰ–পূবৰ মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালকপ্রধানসক৷

মুখ্যতঃ উত্তৰ–পূবৰ ড্রাগ্ছ সৰবৰাহ বন্ধ কৰা আৰু ইয়াৰ উৎসসমূহ চিনাক্তকৰণ সন্দর্ভত হ’ব লগা বৈঠকত কেন্দ্রীয় চৰকাৰে ড্রাগ্ছ সৰবৰাহৰ বিৰুদ্ধে গ্রহণ কৰা স্থিতি সম্পর্কত গৃহমন্ত্রী অমিত শ্বাহে বিস্তৃত ব্যাখ্যা আগবঢ়াব৷

উল্লেখ্য যে এই বৈঠকৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ নার্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ (এন চি বি) ৰ দ্বাৰা প্রায় ১১ হাজাৰ কিলোগ্রাম নিচাজাতীয় সামগ্রী ধ্বংস কৰা হ’ব৷ ইয়াৰ উপৰি অসমে ২,৫৩১ কিলোগ্রাম আৰু ত্রিপুৰাই ১১,১৪৪ কিলোগ্রাম হেৰ’ইন, গাঞ্জা, কফ ছিৰাপ আদি কৰি বহু নিচাজাতীয় সামগ্রী ধ্বংস কৰিব৷ আজি সর্বাধিক ২৫ হাজাৰ কিলোগ্রাম নিচাজাতীয় সামগ্রী ধ্বংস কৰা হ’ব৷

You might also like