নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল’বাৰীৰ বালিজানত এখন অৰ্ধনিৰ্মিত পশু চিকিৎসালয়, ৰাইজৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰীৰ অসম-অৰুণাচল সীমান্তৱৰ্তী  বালিজানত থকা এখন পশু চিকিৎসালয়ৰ অৰ্ধ নিৰ্মিত গৃহই অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কৰ্ম সংস্কৃতিৰ স্বৰূপ উদঙাই দিছে । অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ নথিত হোলোং নগৰ পশু চিকিৎসালয় হিচাপে অন্তৰ্ভুক্ত এই চিকিৎসালয়খন স্থাপন কৰা হৈছিল ১৯৮৭ চনত আৰু তেতিয়াই নিৰ্মান কৰা চিকিৎসালয় গৃহ , কৰ্মচাৰীৰ আবাস আদি ভাঙি ছিঙি জৰাজীৰ্ণ অৱস্থাত পৰাত  ২০১৬ চনতেই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্বৰ বুঢ়ীদিহিং অঞ্চলটোৰ পশুপালক তথা কৃষক ৰাইজৰ সুবিধাৰ বাবে এই পশু চিকিৎসালয়খনৰ নতুন গৃহৰ নিৰ্মানৰ বাবে চৰকাৰে প্ৰায় ৮০ লাখ টকাৰ প্ৰাককলন প্ৰস্তুত কৰি অনুমোদন সহ কাম আৰম্ভ কৰিছিল, যদিও আজি পাঁচ বছৰেও পশু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল । এটা নতুন বিশাল পকী গৃহৰে নতুনকৈ  পশু চিকিৎসালয়খন নিৰ্মাণৰ দায়িত্ব লাভ কৰা জনৈক কপিলঞ্জন শৰ্মা নামৰ ঠিকাদাৰ গৰাকীয়ে চিকিৎসালয় গৃহটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাকৈ প্ৰায় ৫০ % ধন মোকলাই নিয়া বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে । বহু আবেদন-নিবেদনৰ ফলশ্ৰুতিত ভিতৰুৱা তথা পিছপৰা অঞ্চলটোৰ ৰাইজে এখন পশু চিকিৎসালয় লাভ কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ ফলতেই পশু চিকিৎসালয়খনৰ পৰা সুবিধা লাভ দূৰৰেই কথা আজি পৰ্যন্ত পশু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যই সম্পূৰ্ণ নহল । আনহাতে, এই চিকিৎসালয়ৰ বিপৰীতে জনৈক দেউৰী উপাধিৰ পশু চিকিৎসক আৰু আন চাৰিজন কৰ্মচাৰী নিযুক্ত হৈ আছে যদিও, গৃহ বিহীন চিকিৎসালয়ত অস্তিত্ব বিহীন কৰ্মচাৰীৰেই স্থানীয় পশু পালক সকলৰ উন্নয়ন সাধন হৈ আছে।  স্থানীয় ৰাইজ তথা বিভিন্ন জাতীয় জনগোষ্ঠীয় যুৱ ছাত্ৰ সংগঠনে অতি শীঘ্ৰেই এই অৰ্ধ নিৰ্মিত পশু চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ  লগতে  পশু চিকিৎসা বিভাগক চিকিৎসক, কৰ্মচাৰীক কৰ্মসম্পাদন  বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক  আহ্বান জনাইছে ।
You might also like