নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত অসম বিধানসভা ভৱনৰ শিলান্যাস অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে (৩০ জানুৱাৰী) ডিব্ৰুগড়ৰ খানিকৰত নিৰ্মাণ হ’বলগীয়া অসমৰ দ্বিতীয়খন ৰাজ্যিক বিধানসভা ভৱনৰ শিলান্যাস কৰে। এই প্ৰকল্পটো ৰাজ্য চৰকাৰৰ ডিব্ৰুগড়ক দ্বিতীয় প্ৰশাসনিক কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ দৃষ্টিভংগীৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে। ইয়াৰ জৰিয়তে উজনি অসমবাসীৰ বাবে উন্নত শাসন ব্যৱস্থা আৰু সহজ প্ৰৱেশাধিকাৰ নিশ্চিত হ’ব বুলি আশা কৰা হৈছে।

নতুন বিধানসভা ভৱনৰ শিলান্যাসক “অসমৰ বাবে এক ঐতিহাসিক দিন” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় থকা ডিব্ৰুগড় এতিয়া “অসমৰ দ্বিতীয় ৰাজধানী” হিচাপে সম্পূৰ্ণ ৰূপে ৰূপান্তৰিত হ’ব। লগতে বিধায়কসকলৰ বাবে এখন নতুন এমএলএ হোষ্টেলো নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে সদ্যনিৰ্মিত, অত্যাধুনিক খানিকৰ ষ্টেডিয়ামখন জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। ৩৫ হাজাৰ দৰ্শক বহিব পৰা ক্ষমতাসম্পন্ন এই ষ্টেডিয়ামখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপযোগী ব্যৱস্থা থাকিব। দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ই গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈও বৃহৎ ক্ৰীড়া সুবিধা হিচাপে গঢ় লৈ উঠিব বুলি জানিব পৰা গৈছে।

অসমত বান প্ৰতিৰোধৰ উদ্দেশ্যে ১৫টা জলাশয় পুনৰুজ্জীৱিত কৰাৰ এক প্ৰকল্প অমিত শ্বাহে উদ্বোধন কৰে। এই জলাশয়সমূহৰ সম্পূৰ্ণ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব।

বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে “ইনষ্টিটিউট অৱ ৱাইল্ডলাইফ হেল্থ এণ্ড ৰিছাৰ্চ” স্থাপনৰ কামো শ্বাহে আৰম্ভ কৰে।

ডিব্ৰুগড়ৰ কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ধেমাজিৰ কাৰেং চাপৰিলৈ গৈ ১০ম মিছিং যুৱ উৎসৱৰ সমাপ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাকাম মিছিং পৰিণ কেবাং (TMPK)ৰ উদ্যোগত অনুষ্ঠিত এই উৎসৱখন মিছিং সমাজৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা উদযাপনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিচিত।

ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী

You might also like