নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ

চৰকাৰী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমুহে ছোৱালী, যুৱতী, মহিলাসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যলৈ বেটী বচাও, বেটী পঢ়াওৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ত পুৰুষৰ হাতত যে ছোৱালী, যুৱতী, মহিলা সকল যে মুঠেও সুৰক্ষিত নহয় সেইটো মাজেসময়ে উন্মোচিত হোৱাৰ দৰে শেহতীয়াকৈ শোণিতপুৰৰ মিছামাৰীত পোহৰলৈ আহিছে ৷

এইবাৰ এই ঘটনা সাধাৰণ লোকৰ হাতত নহয় খোদ শিক্ষাগুৰুৰ হাতত আৰু কেৱল শিক্ষা গুৰুৱে নহয় এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ মুৰব্বী তথা অধ্যক্ষৰ হাতত ৷ শোণিতপুৰ জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা৷

উল্লেখ্য যে কালি দিনৰ ভাগত মিছামাৰী আৰক্ষী থানাত অনুষ্ঠিত ভিডিপিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি সন্ধিয়াৰ ভাগৰ পৰা সেই থানাৰ ৰঙাঘৰত আলহী আৰু আজি জেললৈ যাবলগীয়া হয় ৷

২৯ জানুৱাৰীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে মিছামাৰী থানা চৌহদত স্থানীয় ভিডিপি বাহিনী আয়োজন কৰা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈ আছিল মুখ্য অতিথি ৷ উক্ত অনুষ্ঠানত আৰক্ষী বিষয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলৰ সৈতে অংশগ্ৰহণ কৰি গাঁওৰক্ষী বাহিনীৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ ওপৰত ভাষণ প্ৰদান কৰা অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈক নিশা সেই জন আৰক্ষী বিষয়াই কৰিলে আটক৷

অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈ কৰ্মৰত বিদ্যালয়খনৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শৰীৰত স্পৰ্শ কৰাৰ অভিযোগত নিশা মিছামাৰী আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়াই অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈৰ ঢেকীয়াজুলিস্থিত বাসগৃহৰ পৰা আটক কৰে৷ ছাত্ৰীক শৰীৰত স্পৰ্শ কৰাৰ অভিযোগ মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে পলম নকৰি সন্ধিয়াই মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈক আটক কৰে৷

প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ২৩ জানুৱাৰীত সৰস্বতী পূজাৰ দিনা বিদ্যালয়ত অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈয়ে ছাত্ৰীগৰাকীৰ শৰীৰত স্পৰ্শ কৰিছিল ৷ এই সন্দৰ্ভত ভুক্তভোগী ছাত্ৰী গৰাকী প্ৰথম অৱস্থাত মুখ খোলা নাছিল যদিও পিছত সহপাঠীৰ লগতে পৰিয়ালৰ লোকক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অৱগত কৰাৰ পিছত বিষয়টো বিচাৰ কৰি দিবলৈ বিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দিয়ে ৷

ভুক্তভোগীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নোহোৱাত উপায়হীন হৈ ভুক্তভোগী ছাত্ৰীগৰাকী কালি আৰক্ষীৰ কাষ চাপে৷ ইপিনে ভুক্তভোগীৰ এজাহাৰ পোৱাৰ পাছতে মিছামাৰী থানাৰ আৰক্ষীয়ে অভিযুক্ত অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈক যোৱা নিশা নিজ বাসগৃহৰ পৰা আটক কৰি থানালৈ লৈ আনে ৷ মিছামাৰী থানাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৭৪/৭৫(২)অধিনত আৰু আৰ ডব্লিউ চেকচন শিশু সুৰক্ষা, শিশু যৌন উৎপীড়ন সুৰক্ষা আইনৰ অধিনত গোচৰ ৰুজু কৰি ড° কনক চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ কৰি আজি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে আৰু ইয়াৰ পিছতে জেল হাজোতলৈ প্ৰেৰণ কৰে৷

উল্লেখ্য যে, ড°কনক চন্দ্ৰ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰিষদ অসমৰ সভাপতিৰ দ্বায়িত্বত আছে ৷ বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বৰদলৈৰ বিৰুদ্ধে পূৰ্বতে একাংশক প্ৰবঞ্চনা কৰা, ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আছে ৷ ইয়াৰ মাজতে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° কনক চন্দ্ৰ বৰদলৈ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে আনিলে গুৰুতৰ অভিযোগ৷

এই ঘটনাই অঞ্চলটোৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান হিচাবে চিহ্নিত গৰিমাক আঘাত হানিছে বুলি একাংশই অভিযোগ উত্থাপন কৰিছে৷ ইপিনে বিদ্যালয় খনৰ পৰিচালনা আৰু উন্নয়ন সমিতি খনৰ বিৰুদ্ধেও উঠিছে বিভিন্ন অভিযোগ৷ উন্নয়ন সমিতিখনৰ সোপাঢিলা স্থিতিৰ বাবে শেহতীয়াকৈ বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ বিনিষ্ট হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷

মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে অঞ্চলটোৰ এখন ভাল চৰকাৰী উচ্চ শিক্ষানুষ্ঠানত এতিয়া একাংশৰ হাতোৰাত শৈক্ষিক পৰিৱেশত ব্যাঘাত সৃষ্টি হোৱাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ, দল সংগঠন আৰু অভিভাৱক সকলে ৷

নিয়মীয়া বাৰ্তা, মিছামাৰী, ৩০ জানুৱাৰী

You might also like