নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয়ৰ পিছত ডিব্ৰুগড় জেলত অমৃতপল সিঙৰ পত্নী-অধিবক্তাৰ সাক্ষাৎ

বিশেষ বাৰ্তা, ৫ জুনঃ সদ্যঘোষিত সংসদীয় নিৰ্বাচনৰ ফলাফলত ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপল সিঙে প্ৰায় দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পাছতে আজি পুৱাই ডিব্ৰুগড়ত উপস্থিত হয় অমৃতপলৰ পত্নী কিৰণদ্বীপ কৌৰ। পাঞ্জাৱৰ খাদুৰ চাহাব লোকসভা সমষ্টিৰ পৰা কাৰাগাৰত বন্দী ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙৰ এনে আকস্মিক বিজয়ৰ পিছত তেওঁৰ স্বামীক শুভেচ্ছা জনাবলৈকে কিৰণদ্বীপ কৌৰ ঢপলিয়াই আহিল সুদূৰ পাঞ্জাৱৰ পৰা। লগত আছিল তেওঁৰ অধিবক্তা তথা পঞ্জাৱৰ প্ৰাক্তন সাংসদ ৰাজদেৱ সিং খালছা।আজি নীতি নিয়ম অনুসৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰে।উল্লেখ্য যে ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অতি উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃতপল সিঙে খাদুৰ চাহাব লোকসভাৰ সমষ্টিৰ পৰা ১,৯৭,১২০ ভোটৰ আকৰ্ষণীয় ব্যৱধানত জয়লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ৪,০৪,৪৩০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ কুলবিৰ সিং জিৰাই ২,০৭,৩১০ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমৃতপল সিঙৰ অধিবক্তা ৰাজদেৱ সিং খালছাই কয়, “মই অমৃতপাল সিঙৰ সৈতে কথা পাতিছিলো।অমৃতপালৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো উদ্দেশ্য নাছিল, কিন্তু ৰাইজৰ ইচ্ছাক সন্মান জনাই তেওঁ তেনে কৰাৰ সিদ্ধান্ত লৈছিল আৰু এনে জয়লাভৰ বাবে তেওঁ শিখ সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। সম্প্ৰদায় আৰু খালছা পন্থক তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবে অমৃতপাল সিং শিখ সম্প্ৰদায়ৰ এজন নেতা আৰু তেওঁৰ এই জয় জনসাধাৰণৰ কণ্ঠৰ প্ৰতিফলন বুলিও অধিবক্তা গৰাকীয়ে সদৰী কৰে।লগতে অমৃতপালক জেলৰ পৰা মুক্তিৰ আহ্বান জনাই খালছাই কয়, “অমৃতপালক পঞ্জাৱত ভগৱন্ত মান চৰকাৰে অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছিল। পঞ্জাৱত অমৃতপলে নিছা-মুক্তি (ড্ৰাগছ মুক্ত) অভিযানৰ নেতৃত্ব দিছিল যদিও চৰকাৰে মিছা ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল বুলি উল্লেখ কৰি এতিয়া তেওঁৰ স্বাধীনতা নিশ্চিত কৰাটো কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু পঞ্জাৱৰ আপ চৰকাৰৰ দায়িত্ব বুলিও সজোৰে উল্লেখ কৰে।আনহাতেদি সিঙৰ এই জয়ক ৰাজনৈতিক বিশ্লেষকসকলে অসাধাৰণ বুলি গণ্য কৰিছে কাৰণ তেওঁ ব্যক্তিগতভাৱে প্ৰচাৰ চলাব পৰা নাছিল।তেওঁৰ মনোনয়ন পত্ৰ তেওঁৰ অধিবক্তাই দাখিল কৰিছিল আৰু তেওঁৰ সমৰ্থক আৰু শুভাকাংক্ষীসকলে একত্ৰিত হৈ তেওঁৰ হৈ প্ৰচাৰ চলাইছিল।ইফালে অমৃতপল সিঙৰ উপৰিও তেওঁৰ ৯ গৰাকী শীৰ্ষ সহায়ক ক্ৰমে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং ভূখানৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকেও কাৰাগাৰত বন্দী হৈ আছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত।এই আটাইকেইজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু অন্যান্য বিভিন্ন অপৰাধমূলক অপৰাধৰ অভিযোগ উত্থাপন হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like