নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীটত উত্তীৰ্ণ হৈ বইটামাৰীৰ নাম উজলালে তিনি শিক্ষাৰ্থীয়ে

নিয়মীয়া বাৰ্তা, ৫ জুন : সৰ্বভাৰতীয় এন ই ই টি (নীট) পৰীক্ষাত উজলিল বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ তিনিগৰাকী শিক্ষাৰ্থী। অঞ্চলটোৰ ধনতোলাৰ মইনুল হকৰ পুত্ৰ আৰ্কিশ আফ্ৰিন হকে ৭২০ নম্বৰৰ ভিতৰত ৬২৭ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছে। একেদৰে দক্ষিণ বইটামাৰীৰ ঢাকনাবাৰী গাঁৱৰ ফজল হকৰ কন্যা হুচনাৰা বেগমে ৭২০ নম্বৰৰ ভিতৰত লাভ কৰে ৫৫৮ নম্বৰ। ইফালে অঞ্চলটোৰ মলিগাঁৱৰ লুস্পেন ৰায়ৰ পুত্ৰ অংকুৰ ৰায়ে ৫২৩ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছে। তিনিওগৰাকী শিক্ষাৰ্থীক বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনাইছে। অঞ্চলটোৰ ৰাইজেও শিক্ষাৰ্থী তিনিগৰাকীৰ সফলতাত সন্তোষ লাভ কৰিছে।

প্ৰেৰক ৰুবুলকান্তি দাস

You might also like