নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবাসী ভাৰতীয়ৰ সন্মানেৰে উজলিল এগৰাকী অসমীয়া

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ প্ৰবাসী ভাৰতীয়ৰ সন্মান লাভেৰে অসমক গৌৰৱবোধ কৰালে এগৰাকী অসমীয়া সন্তানে। পেছাত অভিযন্তা ৰূপে আমেৰিকাত বসবাস কৰা এইগৰাকী অসম সন্তান হ’ল অৰবিন্দ ফুকন।

গুৱাহাটীত জন্মলাভ কৰা অৰবিন্দ ফুকনে লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে আলাস্কা বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

ব্ৰহ্মপুত্ৰৰ বান্ধ প্ৰতিৰোধৰ বাবে গঠিত সমিতিৰ তেওঁ এগৰাকী অন্যতম সদস্য আছিল। ভাৰতৰ লগতে আফ্ৰিকা মহাদেশত খোৱাপানী আৰু অনাময়ৰ বহু প্ৰকল্পৰ লগত জড়িত অৰবিন্দ ফুকন। ফুকন আত্মজীৱনী The Determination to Succeed গ্ৰন্থখনো বিপুলভানৱে সমাদৃত হৈছে বিদেশত।

এগৰাকী দক্ষ অভিযন্তা ৰূপে বিশ্বতে জনপ্ৰিয় অৰবিন্দ ফুকনে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় দিৱস ২০২১ সন্মান লাভ কৰি অসমবাসীকো সন্মানিত কৰিলে।

You might also like