নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ দুই নার্ছিং হোমত বিৰামহীন অভিযান আয়কৰ বিভাগৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নলবাৰী চহৰৰ ব্যক্তিগত নার্ছিং হোম আৰু নার্ছিং হোমখনৰ স্বত্বাধিকাৰী ডাঃ তপন ডেকাৰ বাসভৱনত গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ এটা দলে  বাহৰ পাতি মাৰাথন অভিযান চলাই আছে৷ প্রাপ্ত খবৰ অনুসৰি, ডাঃ তপন ডেকা মালিকানাধীন নলবাৰী মেটাৰনিটী হাস্পতাল আৰু ‘সাৰথি’ নামৰ নলবাৰী ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ লগতে ডাঃ ডেকাৰ বাসগৃহত আয়কৰ বিভাগে পৰহি পুৱা ১০ বজাৰ পৰা ওৰে নিশা অভিযান চলোৱাৰ পিছত কালিও  অভিযান চলায়৷

জানিব পৰা মতে, ২০১৮ চনৰ পৰা চিকিৎসালয়খনৰ আয়ৰ উৎসৰ ফাইল পর্যন্ত তন্নতন্নকৈ পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে৷ ২০১৮ চনৰ পৰা ডাঃ তপন ডেকাই কৰফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ এনে অভিযোগৰ ভিত্তিতেই আয়কৰ বিভাগে অভিযান চলাইছে যদিও এইপর্যন্ত সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলা নাই অভিযানকাৰী দলটোৱে৷

উল্লেখ্য যে সর্থেবাৰীৰ পৰা নলবাৰী চহৰলৈ আহি নলবাৰীত ১৯৭৪ চনত প্রসূতি বিভাগৰ একমাত্র ‘নলবাৰী মেটাৰনিটী হাস্পতাল’ খুলি ডাঃ তপন ডেকাই পৰৱর্তী সময়ত প্রায় চাৰি বছৰ পূর্বে একেখন চিকিৎসালয়ৰ চৌহদতে ‘সাৰথি’ নামৰ নলবাৰী ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ লগতে এখন নার্ছিং ট্ৰেইনিং স্কুল খোলে৷

 ডাঃ তপন ডেকা মালিকানাধীন নার্ছিং হোমখনত ডেকাৰ চিকিৎসক পত্নী, একমাত্র চিকিৎসক পুত্র, চিকিৎসক বোৱাৰীয়ে চিকিৎসা সেৱা চলাই যোৱাৰ লগতে ডাঃ ডেকাৰ দুই চিকিৎসক কন্যাই বাহিৰত চিকিৎসা সেৱা চলাই আছে৷

কৰফাঁকি দিয়া বুলি অভিযোগ উঠা হাস্পতালখনৰ পৰা কিমান পৰিমাণৰ কৰ ৰাজকোষলৈ যায়, সেয়াহে লক্ষণীয় হৈ পৰিছে৷

You might also like