মৰিগাঁও জিলাৰ শৈক্ষিক মান অধিক উন্নত কৰাৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে জিলাখনৰ শিলচাং মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক অৱস্থাৰ সঠিক বুজ লোৱাৰ লগতে বিদ্যালয়ত শিক্ষাদানৰ পৰিৱেশ চৰজমিন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনত উপস্থিত হৈ শ্ৰেণীত পাঠদান কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।
পৰিদৰ্শনকালত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে হোৱা আলোচনাত জিলা আয়ুক্তগৰাকীয়ে গুণগত শিক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। তেওঁ শিক্ষকসকলক শ্ৰেণীকোঠাত পাঠদান কৰাৰ এদিন পূৰ্বেই নিজৰ পাঠ্যক্ৰমৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি আহিব লাগিবলৈ নিৰ্দেশ দিয়ে।
ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ অগ্ৰগতিৰ বুজ ল’বলৈ নিয়মীয়াকৈ ‘ৰিভিজন টেষ্ট’ অনুষ্ঠিত কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত অভিভাৱকসকলক সক্ৰিয়ভাৱে জড়িত কৰিবলৈ তেওঁলোকক নিয়মীয়াকৈ বিদ্যালয়লৈ আমন্ত্ৰণ জনাই মত-বিনিময় কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকৰ জৰিয়তে ঘৰুৱা কৰ্ম আৰু প্ৰয়োজনীয় তথ্যসমূহ অৱগত কৰাবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত এক বন্ধুত্বপূৰ্ণ আৰু সু-সম্পৰ্ক গঢ়ি তুলিব লাগিব।
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে শিক্ষকৰ নিয়মীয়া উপস্থিতিয়ে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ওপৰতো প্ৰভাৱ পেলায় বুলি তেওঁ কয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে যোৱা ১৩ মে’ত জিলাখনৰ তিনিখন বিদ্যালয়— তেলাহী ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়, তেলাহী ছাত্ৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু আহতগুৰি এল. এন. বি. ছাত্ৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কেইবাটাও শ্ৰেণীত পাঠদান কৰিছিল।
নিয়মীয়া বাৰ্তা, মৰিগাঁও, ১৫ মে’