থেংক ইউ! এতিয়া বহুত ভাল লাগিছে, সকলো ঠিকে আছে– আনন্দ শর্মা
- অপাৰেচন ছাকছেছ
- টাইটেনিয়ামৰ প্লেসহ স্ক্রু, চাৰি ঘণ্টা অপাৰেচন
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: ‘ফাইন ছাৰ থেংক ইউ এতিয়া বহুত ভাল লাগিছে, থেংক ইউ শ্ব’ মাচ টেনচন নাই এতিয়া, সকলো ঠিকে আছে৷বহুত ভালদৰেই অপাৰেচন হৈ গ’ল৷ সকলোকে ধন্যবাদ৷’ –এনেদৰেই সফল অস্ত্রোপচাৰৰ পাছত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙত ৰাজহাড় দুটুকুৰা হোৱা আনন্দ শর্মাই আই চি ইউলৈ স্থানান্তৰৰ সময়ত চিকিৎসকসকলৰ লগত বার্তালাপ কৰে৷ উল্লেখ্য যে তীব্র উৎকণ্ঠাৰ অন্ত পেলাই ডিব্রুগড বিশ্ববিদ্যালয়ৰ ছাত্র আনন্দ শর্মাৰ বৃহস্পতিবাৰে স্থানীয় আদিত্য হাস্পতালত পুৱা ১০.২০ বজাৰ পৰা বিয়লি ৩.১০ বজালৈ প্রায় ৪ ঘণ্টা ধৰি সফলতাৰে অস্ত্রোপচাৰ সম্পন্ন কৰা হয়৷
ডিব্রুগডৰ বিশিষ্ট নিউৰ’ ছার্জন ডাঃ অনিল পান্নালালৰ নেতৃত্বত হূদৰোগ বিশেষজ্ঞ ডাঃ ৰেজা বৰা, মাধুর্য শইকীয়া, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ বিজয় ৰায় আৰু অস্থিৰোগ বিশেষজ্ঞ ডাঃ সুৰেশ বৰাসহ ছয়জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দলে আনন্দ শর্মাৰ এক দীঘলীয়া তথা জটিল অস্ত্রোপচাৰ সম্পন্ন কৰে৷ অস্ত্রোপচাৰ সম্পন্ন হোৱা আদিত্য হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ নির্মল চাহেৱালাই সংবাদ মাধ্যমৰ আগত কয় যে পূর্বনির্ধাৰিত সময়মতেই আনন্দ শর্মাক অস্ত্রোপচাৰ কক্ষত সোমোৱা হয়৷ আনন্দ শর্মাৰ অস্ত্রোপচাৰ সুকলমে হৈ গৈছে৷ মূল অস্ত্রোপচাৰত তিনি ঘণ্টামান সময়ৰ প্রয়োজন হ’ল৷ ছাত্রজনৰ ভগা ৰাজহাড় মাংসপেশীত সোমাই পৰাত সেয়া উলিয়াই টাইটেনিয়ামৰ প্লেটসহ স্ক্রু সংস্থাপন সুস্থিৰ কৰা হৈছে৷ অস্ত্রোপচাৰক লৈ ডাঃ পান্নালালো বহুত সুখী আৰু সম্পূর্ণ সুস্থ হৈ উঠাৰ আশাবাদী৷ এদিনৰ পাছতহে আই চি ইউৰ পৰা জেনেৰেল ৱার্ডলৈ অনা হ’ব আৰু ছাত্রজনক বহিবলৈ অনা হ’ব আৰু ছাত্রজনক বহিবলৈ দিয়া হ’ব৷ তাৰ পাছত তিনি–চাৰি দিনৰ ভিতৰতে লাহে লাহে আনন্দ শর্মাক খোজ কাঢ়িবলৈ দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷