নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিঙৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্রীঃ শিক্ষানুষ্ঠানৰ ছাত্রাৱাসত থকা প্রাক্তন ছাত্রৰ বিৰুদ্ধে চলিব অভিযান

 ঃ প্রাক্তন ছাত্রসকল আঁতৰিলেই ৬০ শতাংশ কমিব ৰেগিং

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ:  ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ৰেগিং ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰে৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ্ ছাত্রাৱাসত প্রাক্তন ছাত্রসকল যাতে থাকিব নোৱাৰে তাৰ বাবে অচিৰেই ছাত্রাৱাসসমূহত অভিযান চলাব৷ আজি গুৱাহাটীত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰেগিং ৰোধৰ বাবে কোনো আইন প্রণয়ন কৰিব নালাগে৷ ৰাজ্য চৰকাৰে ৰেগিং ৰোধৰ বাবে তিনিটামান কাম কৰিব৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ চৌহদৰ লগতে ছাত্রাৱাসৰ পৰা প্রাক্তন ছাত্রসকলক বিদায় দিব৷ একাংশ প্রাক্তন ছাত্রই ছুপাৰ ব’ডাৰ বা আন নাম লৈ ছাত্রাৱাসত থকাৰ বাবেই ৰেগিং চলি আছে৷ সেইসকলক উলিয়াই পঠিয়াব পাৰিলেই ৬০ শতাংশ ৰেগিং হ্রাস পাব৷ অতিশীঘ্রে চৰকাৰে এইক্ষেত্রত অভিযান চলাব৷ মাজতে কিছুবছৰ ৰাজ্যখনত ৰেগিং নোহোৱা হৈছিল৷ ৰেগিং ৰোধৰ বাবে আৰক্ষী, বিশ্ববিদ্যালয়, মহাবিদ্যালয় প্রশাসনে একেলগে কাম কৰিলে ৰেগিং নোহোৱা হৈ যাব৷ ৰেগিং কঠোৰ হাতেৰে দমন কৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷

You might also like