নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল মুদ্রা ‘ই–ৰুপী’ মুকলি আৰবিআইৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ই শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছে দেশৰ প্রথম ডিজিটেল মুদ্রা৷ এই ডিজিটেল ৰুপী প্রথম পর্যায়ত কেইটামান নির্দিষ্ট বেংকৰ জৰিয়তে চাৰিখন চহৰত বাণিজ্যিক লেনদেনৰ ক্ষেত্রত আৰম্ভ কৰা হ’ব৷ ঘোষণা কৰা হৈছিল যোৱা সাধাৰণ বাজেটত৷ সেই অনুসৰি আৰবিআয়ে পাইকাৰী ক্ষেত্রৰ বাবে আৰম্ভ কৰিলে ডিজিটেল মুদ্রা ‘ই–ৰুপী’৷ সিদ্ধান্ত লোৱা হৈছে ই–ৰুপীৰ জৰিয়তে মাত্র চৰকাৰী ঋণপত্র ক্রয়–বিক্রয় কৰা হ’ব৷ সাধাৰণ ব্যৱহাৰৰ বাবে ই–ৰুপী এমাহৰ ভিতৰত পৰীক্ষামূলকভাৱে অনাৰ পৰিকল্পনা গ্রহণ কৰিছে আৰবিআয়ে৷ আৰবিআইৰ তৰফৰ পৰা  আনুষ্ঠানিকভাৱে ই–ৰুপী মুকলি কৰি কোৱা হৈছে যে এই মুদ্রাৰ দুটা ভাগ হ’ব, এটা সাধাৰণৰ বাবে (খুচুৰা) আৰু আনটো আর্থিক প্রতিষ্ঠানৰ বাবে (পাইকাৰী)৷ প্রথম পর্যায়ত ই–ৰুপীৰ ব্যৱহাৰ কৰিব এছবিআই, বেংক অৱ বৰোদা, আইচিআইচিআই বেংক, ক’টাক মহিন্দ্র বেংক, য়েছ বেংক, এইচএছবিচিয়ে৷ আৰবিআয়ে সাধাৰণ মুদ্রাৰ বৈশিষ্ট্য ৰাখিয়েই ডিজিটেল মুদ্রাৰ সুবিধাবোৰ পোৱাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে৷ প্রথম পর্যায়ত মুম্বাই, নতুন দিল্লী, বেংগালুৰু আৰু ভুবনেশ্বৰত ই–ৰুপীৰ প্রচলন কৰা হ’ব৷

You might also like