নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নগৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকবিৰোধী অভিযান

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে ঢকুৱাখনাত গোপনে চলাই আছে নিষিদ্ধঘোষিত একক ব্যৱহৃত প্লাষ্টিকৰ বেহা।চৰকাৰী নিৰ্দেশনাক আওকান কৰি এতিয়াও বজাৰত নিৰ্ভয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ আদি বিক্ৰী কৰি থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে মঙ্গলবাৰে ঢকুৱাখনা নগৰত ঢকুৱাখনা পৌৰসভাই এক অভিযান চলায় ৷ ঢকুৱাখনা নগৰৰ কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান আৰু গুডামত পৌৰসভাই চলোৱা অভিযানকালত বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ পলিথিন,গ্লাচ আদি জব্দ কৰিবলৈ সক্ষম হয়।চৰকাৰী নীতি নিৰ্দেশনা নামানি নিজ মইমতালিৰে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ গিলাচ, প্লেট আৰু পলিথিনৰ বেগ বিক্ৰী কৰা এই ব্যৱসায়ীসকলক জৰিমনা বিহাৰ লগতে আগন্তুক দিনত এনে প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ঢকুৱাখনা নগৰৰ ব্যৱসায়ীসকলক ৷ শনিবাৰে ঢকুৱাখনা নগৰত চলোৱা এই অভিযানৰ সময়ত মাত্ৰ দুই তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰী সমূহ নিবলৈ পৌৰসভাক ট্ৰাকৰ প্ৰয়োজন হৈছিল। উক্ত অভিযান কালত ঢকুৱাখনা ঢকুৱাখনা পৌৰসভাৰ কায্যবাহী বিষয়া ড০ নয়নজ্যোতি নাথ আৰু পৌৰসভাৰ স্বচ্ছ ভাৰত মিছনৰ প্ৰকল্প বিষয়া ৰূপকোৱঁৰ কাকতি উপস্থিত আছিল ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like