নৱবর্ষত প্রতি ইউনিট বিদ্যুতত ১.৮০ টকা মাচুল বৃদ্ধি কৰি ৰাইজক ‘উপহাৰ’ দিব এপিডিচিএলে
- প্রতি ইউনিট বিদ্যুতত ১.৮০ টকা মাচুল বৃদ্ধিৰ প্রস্তাৱ
- ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগত আবেদন
- বছৰি ৯০০ কোটি টকাৰ লোকচানৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্রস্তাৱ
নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: অসম বিদ্যুৎ বিতাৰক কোম্পানী (এ পি ডি চি এল)–এ শেহতীয়াকৈ অতি গোপনে ৩০ পইচাকৈ প্রতি ইউনিটত মাচুল বৃদ্ধিৰে গ্রাহক ৰাইজক মাধমাৰ দিয়াৰ পাছত এইবাৰ নৱবর্ষৰ আৰম্ভণিতে পুনৰ মাচুল বৃদ্ধিৰ প্রস্তুতি চলাইছে৷ লোকচানৰ অজুহাত দেখুৱাই এ পি ডি চি এলে এইবাৰ প্রতি ইউনিটত ১ টকা ৮০ পইচা বৃদ্ধিৰ প্রস্তাৱ দিছে৷ উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত ৰাজ্যৰ সকলো শ্রেণীৰ গ্রাহকক বিদ্যুৎ মাচুল প্রতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰি জাননী জাৰি কৰিছিল৷ মুখ্যতঃ ইন্ধন আৰু শক্তি ক্রয়ৰ নামত হোৱা ব্যয় জোৰা মৰাৰ বাবে ৰাজ্যখনৰ সকলো শ্রেণীৰ গ্রাহকৰ ওপৰত এই মাচুল বৃদ্ধি কৰিছে৷ মাচুল বৃদ্ধিৰ এই প্রক্রিয়া চলি থকাৰ সময়তে পুনৰ শক্তি বিতৰক কোম্পানীটোৱে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগত শেহতীয়াকৈ দাখিল কৰিছে এক আবেদন৷
উক্ত আবেদনৰ জৰিয়তে এ পি ডি চি এলে বছৰি প্রায় ৯০০ কোটি টকাৰ লোকচান দেখুৱাইছে আৰু এই লোকচানৰ জোৰা মাৰিবলৈ মাচুল বৃদ্ধিৰ প্রস্তাৱ আগবঢ়াইছে৷ নিয়ামক আয়োগৰ ওচৰত এ পি ডি চি এলে প্রতি ইউনিটত ১ টকা ৮০ পইচাকৈ বৃদ্ধিৰ বাবে দিয়া প্রস্তাৱক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ কার্যতঃ নতুন বর্ষৰ আৰম্ভণিতে নিয়ামক আয়োগে এ পি ডি চি এলৰ এই প্রস্তাৱ গ্রহণ কৰিলে সাধাৰণ গ্রাহকে প্রতি ইউনিটত ৬.৫০ টকাকৈ মাচুল আদায় দিব লাগিব৷ মন কৰিবলগীয়া যে মাচুল বৃদ্ধিক লৈ বিগত সময়ছোৱাত সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ পৰিপ্রেক্ষিতত এ পি ডি চি এলে বর্ধিত মাচুল আদায়ৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিছে৷
আনকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বিষয়টো হস্তক্ষেপ কৰাত বর্ধিত বিদ্যুৎ মাচুল প্রত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল বিদ্যুৎ বিতৰক কোম্পানীটোৱে৷ কিন্তু সেই একেই এ পি ডি চি এলে অতি গোপনে ডিচেম্বৰ মাহৰ আৰম্ভণিতে প্রতি ইউনিটত ৩০ পইচা বৃদ্ধি কৰি গ্রাহকক ৰামটাঙোন শোধোৱাত নামি পৰে৷ লক্ষণীয় দিশটো হ’ল যে চলিত বর্ষৰ আৰম্ভণিতে এ পি ডি চি এলে লাভৰ মুখ দেখিবলৈ পোৱা বুলি যথেষ্ট প্রচাৰ চলাইছিল৷ আনকি এ পি ডি চি এলে পূর্বৰ তুলনাত অনাদায় হৈ থকা মাচুল আদায় কৰাত সক্ষম হোৱা বাবেই লোকচানৰ পৰিৱর্তে লাভৰ মুখ দেখিবলৈ পাইছিল৷ যাৰ বাবে কোম্পানীটোৱে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈও ২০০ কোটি টকাৰ সাহায্য আগবঢ়াইছিল৷ কিন্তু সেই একেই কোম্পানীটোৱে এইবাৰ ইন্ধন আৰু শক্তি ক্রয়ৰ জোৰা মাৰিবলৈ ৩০ পইচাকৈ মাচুল বৃদ্ধি কৰাৰ পাছত পুনৰ ৯০০ কোটি টকাৰ লোকচান দেখুৱাই ১ টকা ৮০ পইচাকৈ মাচুল বৃদ্ধিত প্রস্তাৱ আগবঢ়াইছে৷ শক্তি বিতৰক কোম্পানীটোৰ এনে প্রস্তাৱক লৈ প্রতিক্রিয়াৰ সৃষ্টি হোৱাই নহয়, টোঘলকী কাণ্ডৰ বাবে দল–সংগঠনে ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰাৰো হুংকাৰ দিছে৷
মন কৰিবলগীয়া যে এ পি ডি চি এলে স্মার্ট মিটাৰ সংযোগ কৰাৰ নামত সাধাৰণ গ্রাহকৰ পৰা দুই–তিনি গুণ বৃদ্ধিৰে মাচুল আদায় কৰাক লৈও বিগত ছেপ্ঢেম্বৰ–ক্টোবৰ মাহত ৰাজ্যজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷ ইয়াৰ বাবে ৰাজ্যৰ প্রতিখন জিলাত সৃষ্টি হোৱা ক্ষোভৰ প্রতি লক্ষ্য ৰাখি কোম্পানীটোৱে স্মার্ট মিটাৰসমূহ পৰীক্ষা কৰাৰ আশ্বাস দিছে৷ এনেবোৰ বিষয় আওকাণ কৰি এ পি ডি চি এলে পুনৰ মাচুল বৃদ্ধিত নামি পৰা বিষয়টোৱে সর্বসাধাৰণ ৰাইজক যে মাধমাৰ শোধাব সি একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷