নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতাত নাহৰকটীয়া মহাবিদ্যালয়ৰ সফলতা

: মহিলা ভলীবলত চূড়ান্ত বিজয়ী: টাইকোৱাণ্ড দুটা সোণকে ধৰি মুঠ চাৰিটা পদক অৰ্জন:

নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: ধেমাজি জিলাৰ সোৱণশিৰী মহাবিদ্যালয়ত ২৯ আৰু ৩০ তাৰিখে অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃ মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ মহিলাৰ শাখাত চূড়ান্ত বিজয়ী হৈ মহাবিদ্যালয় খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে নাহৰকটীয়া মহাবিদ্যালয় মহিলা ভলীবল দলে। কালি অনুষ্ঠিত হোৱা এই দিবা নৈশ চূড়ান্ত খেল খনত নাহৰকটীয়া মহাবিদ্যালয় মহিলা দলে আয়োজক সোৱণশিৰী মহাবিদ্যালয় মহিলা দলক ২-০ চেটৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে। আনহাতে পুৰুষৰ শাখাত তিনিচুকীয়া মহাবিদ্যালয় দলে পশ্চিম ধেমাজি মহাবিদ্যালয় দলক ২-১ চেটৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে পুৰুষৰ শাখাত মুঠ ২৭ টা আৰু মহিলাৰ শাখাত মুঠ ১২ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ চূড়ান্ত খেলদুখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক পঞ্জীয়ক ৰোহিণী বুঢ়াগোহাঁই আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাৰ অন্তত বঁটা সমূহ বিতৰণ কৰে প্ৰতিযোগিতাৰ নিৰীক্ষক তথা ডিব্ৰুগড় জিলাৰ মহকুমা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈয়ে। আনহাতে মৰাণ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় টাইকোৱাণ্ড প্ৰতিযোগিতাত নাহৰকটীয়া মহাবিদ্যালয় দলে মুঠ ৪ টা কৈ পুৰস্কাৰ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত ৪৯ কিলোগ্ৰামৰ অনুৰ্ধৰ শাখাত দ্বীপশিখা গগৈয়ে সোণ, ৪৬ কিলোগ্ৰাম অনুৰ্ধৰ শাখাত ৰশ্মি মূৰাই সোণ ৫৪ কিলোগ্ৰাম অনুৰ্ধৰ শাখাত ঋতুপৰ্ণ গোস্বামীয়ে ৰূপ আৰু গীতিকা তাঁতীয়ে ৫৩ কিলোগ্ৰাম অনুৰ্ধৰ শাখাত ব্ৰঞ্জৰ পদক অধিকাৰ কৰিবলৈ সক্ষম হয়। নিজৰ অপূৰ্ব প্ৰদৰ্শনেৰে মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনা সমূহ খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰিছে মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু মহাবিদ্যালয় পৰিয়ালবৰ্গই।

You might also like