নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিত চুক্তিৰ ভিত্তিত নিয়োগৰ আবেদন

👉অন্তিম তাৰিখ ২৩ জুলাই

কেন্দ্রীয় সংস্থা অইল এণ্ড নেচাৰেল গেছ কর্প’ৰেচন লিমিটেড (অ’এনজিচি)ত চাকৰিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ প্রার্থীসকলৰ শিক্ষাগত অর্হতা আৰু সাক্ষাৎকাৰৰ ভিত্তিত নিয়োগ কৰা হ’ব৷ আবেদন মেইলযোগে পঠিয়াব লাগিব৷ নিয়োগ কৰা হ’ব মধ্যপ্রদেশৰ পান্না কেন্দ্রত৷ ফিল্ড মেডিকেল অফিচাৰ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ ২টা খালী পদৰ বাবে সুদক্ষ কর্মীৰ প্রয়োজন৷ প্রার্থীসকল বেচেলৰ অৱ মেডিচিন, বেচেলৰ অৱ ছার্জাৰী (এমবিবিএছ) ডিগ্রীধাৰী হোৱা প্রয়োজন৷ ইয়াৰ লগতে আবেদনকাৰীসকলৰ স্নাতকোত্তৰ ডিগ্রীও থাকিব লাগিব৷ এই ডিগ্রীসমূহ ইউনিভার্ছিটী গ্রেণ্ট কমিছন, মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ অনুমোদিত হোৱা বাঞ্ছনীয়৷ মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া অনুমোদিত বিদেশী প্রতিষ্ঠানৰ পৰা মেডিকেল ডিগ্রীপ্রাপ্ত প্রার্থীৰ আবেদনো গৃহীত হ’ব৷ প্রার্থীসকলৰ বৈধ ৰেজিষ্ট্রেচন নম্বৰ থকা বাধ্যতামূলক৷ ফিল্ড মেডিকেল অফিচাৰ পদত নির্বাচিত প্রার্থীসকলে মাহে ১ লাখ টকা পর্যন্ত বেতন লাভ কৰিব৷ অনলাইনযোগে প্রার্থীসকলে নিজৰ পূর্ব অভিজ্ঞতাৰ নথি–পত্র আৰু অন্যান্য তথ্যৰ প্রমাণ–সহ আবেদন–পত্র পঠিয়াব পাৰিব৷ প্রার্থীসকলক সাক্ষাৎকাৰৰ জৰিয়তে নিয়োগ কৰা হ’ব৷ ডেৰাডুনৰ কার্যালয়ত এই সাক্ষাৎকাৰ লোৱা হ’ব৷ বিশেষ ক্ষেত্রত অনলাইনত ভিডি’ কনফাৰেঞ্চৰ জৰিয়তেও সাক্ষাৎ লোৱা হ’ব পাৰে৷ চুক্তিৰ জৰিয়তে ৩০০ দিন বা তাৰ অধিক সময়ৰ বাবে এই পদত প্রার্থীসকলক নিয়োগ কৰা হ’ব৷ শিক্ষাগত যোগ্যতা আৰু সাক্ষাৎকাৰত প্রাপ্ত নম্বৰৰ ওপৰত ভিত্তি কৰি প্রার্থী নিয়োগ কৰা হ’ব৷ মেধা তালিকাৰ জৰিয়তে চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব৷ ১১ জুলাইত নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে আৰু ২৩ জুলাই পর্যন্ত আবেদন গৃহীত হ’ব৷

You might also like