নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিএমআৰ, ভুবনেশ্বৰত কর্মী নিযুক্তিৰ বাবে আবেদন

🔴অন্তিম তাৰিখ ২৭ জুলাই

স্নাতক উত্তীর্ণ প্রার্থীসকলৰ বাবে আহিছে চাকৰিৰ সুযোগ৷ ৰিজি’নেল মেডিকেল ৰিছার্চ চেণ্টাৰ, চমুকৈ আইচিএমআৰ, ভুবনেশ্বৰত টেকনিকেল এছিছটেণ্টসহ ২৫টা পদত কর্মচাৰী নিয়োগ কৰা হ’ব৷ সেই অনুসৰি প্রকাশ কৰা হৈছে বিজ্ঞাপন৷ টেকনিকেল এছিছটেণ্ট, টেকনিচিয়ান আৰু লেবৰেটৰী এটেনডেণ্ট, টেকনিচিয়ান আৰু লেবৰেটৰী এটেনডেণ্ট পদত ২৫জন প্রার্থীৰ প্রয়োজন৷ ফার্মাচী, কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইনফৰমেচন টেকন’লজী, মাইক্র’বায়’লজী, পাব্লিক হেল্থ, লাইফ ছায়েঞ্চ, ইলেক্ট্রিকেল, ইলেক্ট্রনিক এণ্ড ইনষ্ট্রুমেণ্টেচন এই সকলো বিভাগত প্রার্থী নিয়োগ কৰা হ’ব৷ ফার্মাচী বিভাগৰ টেকনিকেল এছিছটেণ্ট পদত ফার্মাচী বিষয়ত স্নাতক উত্তীর্ণ ব্যক্তিসকলে আবেদন জনাব পাৰিব৷ স্নাতক পর্যায়ৰ প্রথম শ্রেণী লাভ কৰা প্রার্থীসকলক অগ্রাধিকাৰ দিয়া হ’ব৷ এই বিভাগত খালী পদ ১টা৷ কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইনফৰমেচন টেকন’লজী বিভাগৰ এছিছটেণ্ট পদৰ বাবে স্নাতক পর্যায়ত উল্লিখিত বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱা প্রয়োজন৷ ইয়াৰ উপৰি সমপর্যায়ৰ বিষয়ত ইঞ্জিনীয়াৰিং/টেকন’লজীত স্নাতক উত্তীর্ণসকলেও আবেদন জনাব পাৰিব৷ এই বিভাগত খালী পদ ১টা৷ পাব্লিক হেল্থ সংক্রান্তীয় বিষয় যেনে – ফিজি’থেৰাপী, অ’কুপেচনেল হেল্থ, ডেণ্টেল, নার্ছিঙৰ ভিতৰত যিকোনো এটি স্নাতক স্তৰৰ ডিগ্রী থাকিলে টেকনিকেল এছিছটেণ্ট পদত নিয়োগ কৰা হ’ব৷ এই বিভাগত খালী পদ ২টা৷ স্নাতক স্তৰত মাইক্র’বায়’লজী বিষয়ত বিজ্ঞানৰ স্নাতক অথবা বায়’টেকন’লজীত স্নাতক ডিগ্রী থাকিলে মাইক্র’বায়’লজী বিভাগত টেকনিকেল এছিছটেণ্ট পদত নিয়োগ কৰা হ’ব৷ এই বিভাগত খালী পদৰ সংখ্যা ২টা৷ লাইফ ছায়েঞ্চ বিভাগত প্রার্থী বিদ্যা/এনটোমলজী/বায়’টেকন’লজী/বায়’ কেমেষ্ট্রী/পৰিৱেশ বিজ্ঞান/অণু জীৱবিদ্যা/মলিকিউলাৰ বায়’লজী/ইমিউন’লজী/পেৰাচাট’লজী বিষয়ৰ যিকোনো এটাত স্নাতক উত্তীর্ণ হোৱা প্রয়োজন৷ খালী পদৰ সংখ্যা ২টা৷ ইলেক্ট্রিকেল বিভাগৰ টেকনিচিয়ান পদত আবেদনকাৰীসকলৰ ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডিপ্ল’মা থকা প্রয়োজন৷ অৱশ্যে বিজ্ঞান বিভাগত দ্বাদশ শ্রেণীত ৫৫ শতাংশ নম্বৰৰ অধিক লাভ কৰি উত্তীর্ণসকলেও এই পদত আবেদন জনাব পাৰে৷ ইলেক্ট্রনিক্স এণ্ড ইনষ্ট্রুমেণ্টেচন বিভাগৰ টেকনিচিয়ান পদত কাম কৰাৰ আগ্রহীসকলৰ ইলেক্ট্রিকেল ইলেক্ট্রনিক্স এণ্ড ইনষ্ট্রুমেণ্টেচন বিষয়ত ডিপ্ল’মা থকা প্রয়োজন৷ অৱশ্যে বিজ্ঞান বিভাগত দ্বাদশ উত্তীর্ণ আৰু ৫৫ শতাংশৰ অধিক নম্বৰ লাভ কৰাসকলে আবেদন জনাব পাৰিব৷ টেকনিচিয়ান পদত লেবৰেটৰী টেকন’লজী বিষয়ত ডিপ্ল’মাধাৰী প্রার্থীসকলে আবেদন জনাব পাৰিব৷ অৱশ্যে দ্বাদশ উত্তীর্ণ আৰু ৫৫ শতাংশৰ অধিক নম্বৰ লাভ কৰাসকলেও আবেদৰ সুযোগ পাব৷ লেবৰেটৰী এটেনডেণ্ট হিচাপে অতি কমেও এবছৰ কোনো চৰকাৰী অথবা চৰকাৰ অধিগৃহীত প্রতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷ অভিজ্ঞতা আৰু শিক্ষাগত যোগ্যতাৰ নিৰিখত মাহে ১৮ হাজাৰৰ পৰা ১,১২,০০০ টকা বেতন হিচাপে দিয়া হ’ব৷ উল্লিখিত পদত অনলাইনযোগে আবেদন জনাব লাগিব৷ প্রার্থীসকলে ৰিজি’নেল মেডিকেল ৰিছার্চ চেণ্টাৰ, ভুবনেশ্বৰ অথবা ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চৰ ৱেবছাইটত আবেদন জনাব পাৰিব৷ আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ২৭ জুলাই।

You might also like