নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব দক্ষতা বিকাশ কেন্দ্ৰ-ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ মন্ত্ৰী পীযুষ-ৰ

দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মানুহক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ যি ব্যৱস্থা হাতত লৈছে তাক খিলঞ্জীয়া মানুহে আদৰণি জনাইছে।

গতিকে ময়ো ইয়াক আদৰণি জনাইছো। উল্লেখ্য যে অসমৰ খিলঞ্জীয়া মানুহক সন্দেহযুক্ত লোকৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। এই বিষয়টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে।

ইপিনে, সামাজিক ন্যায় আৰু সবলীকৰণ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অসম দক্ষতা বিকাশ অভিযানৰ অধীনত উত্তৰ-পূব দক্ষতা কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰা ২৩৩ গৰাকী শিক্ষাৰ্থীক বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰা নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখ্য যে ইয়াৰে ১১৪ গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থীক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত বিনামূলীয়াকৈ বিভিন্ন শিতানত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

শিক্ষাৰ্থীসকলে বিগত এটা বছৰত উত্তৰ-পূব দক্ষতা কেন্দ্ৰত বিভিন্ন শিতানত প্ৰশিক্ষণ লাভ কৰাৰ পাছত ৫৪ গৰাকীয়ে বিদেশৰ আৰু আনসকলে দেশৰ বিভিন্ন প্ৰতিষ্ঠানত নিযুক্তিৰ প্ৰস্তাৱ লাভ কৰিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰি শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ প্ৰস্তাৱ লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সকলোকে দেশ বিদেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰা নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰি নিজ নিজ কেৰিয়াৰত সফলতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ল’ৰা-ছোৱালীবোৰে বাহিৰত চাকৰি কৰিলে আমাৰ দেশৰ অৰ্থনৈতিক প্ৰগতিত সহায়ক হৈ পৰে। আনহাতে, বহু উন্নত ৰাষ্ট্ৰত ভাৰতীয় মূলৰ ব্যক্তিয়ে সফলতাৰে কাম কৰি আছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰী হাজৰীকাই আৰু কয় যে পৰিৱৰ্তিত পৰিস্থিতিত শিক্ষা ব্যৱস্থাত দক্ষতাৰ গুৰুত্ব যথেষ্ট আৰু এই গুৰুত্বৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষতাভিত্তিক শিক্ষাক প্ৰাধান্য দি আহিছে।

প্ৰণিধানযোগ্য যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ বাবেও ২৪০ গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থীক বিভিন্ন দক্ষতাভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

Niyomiya Barta Desk, 2 August, 2025

You might also like