এপিএছচিৰ ফলাফল : তালিকাৰ শীৰ্ষ ১০ৰ ৭গৰাকীয়ে মহিলা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০২৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ ঘোষিত ফলাফল অনুসৰি ২৩৫গৰাকী প্রার্থীক এচিএছ, এপিএছ আৰু সংলগ্ন সেৱাত নিযুক্তিৰ বাবে এপিএছচিয়ে অনুমোদন দিছে৷ চলিত বর্ষৰ মার্চ মাহৰ পৰা এই পৰীক্ষাৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ অভিলেখ ৮ মাহৰ ভিতৰত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ এইবাৰৰ পৰীক্ষাত মুঠ ৬৭,২৫১গৰাকী পৰীক্ষার্থীয়ে আবেদন দাখিল কৰিছিল৷ পৰীক্ষাৰ ফলাফল অনুসৰি শীর্ষ ১০গৰাকী প্রার্থীৰ ভিতৰত ৭গৰাকীয়েই হৈছে মহিলা৷ আনহাতে ৮৭২ নম্বৰ লাভ কৰি পৰীক্ষাত শীর্ষস্থান দখল কৰিছে শিলচৰৰ এনআইটিৰ প্রথম শ্রেণীৰ বি টেক চিৰঞ্জীৱ ফুকনে৷ লণ্ডন স্কুল অৱ ইকন’মিকছ আৰু ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ ছাত্রী অনিশা বুঢ়াগোহাঁয়ে ৮২৩ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে৷ মহিলা প্রার্থীসকলৰ ভিতৰত তেওঁ শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তৃতীয় স্থানত আছে জে আৰ এফ গৱেষক তথা দিল্লীৰ জে এন ইউৰ পৰা স্নাতকোত্তৰ ডিগ্রীধাৰী মীনাক্ষি বৰুৱা৷ তদুপৰি বজালীৰ মুগুৰীয়াৰ টুটুমণি কাকতিয়ে পঞ্চম স্থান, গোৱালপাৰাৰ মৃদুস্মিতা ৰয়ে ষষ্ঠ স্থান, বঙাইগাঁৱৰ মেৰী কলিতাই সপ্তম স্থান, শ্রীভূমিৰ দীক্ষা সৰকাৰে অষ্টম স্থান, লখিমপুৰৰ নীলম গার্গে নৱম স্থান আৰু পশ্চিম কার্বি আংলং জিলাৰ অংকিতা ছেত্রীয়ে দশম স্থান লাভ কৰিছে৷ বাছনিভুক্ত ২৩৫গৰাকী প্রার্থীৰ ভিতৰত এচিএছত ৪৫গৰাকী, এপিএছত ৩৫গৰাকী, অসম একাউণ্টছ ছার্ভিচত ১০৭গৰাকী, পৰিদর্শন অ’ডিটৰৰ ১১গৰাকী, কৰ অধীক্ষকৰ এগৰাকী, আবকাৰী অধীক্ষকৰ এগৰাকী, অসম বিত্ত সেৱাৰ ১৩গৰাকী, খণ্ড উন্নয়ন বিষয়াৰ বাবে ৬গৰাকী, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে ৪গৰাকী, কৰ পৰিদর্শক ৪গৰাকী, শ্রম পৰিদর্শক ৪গৰাকী, সহকাৰী নিয়োগ বিষয়া এগৰাকী আৰু উপ–পঞ্জীয়ক পদত তিনিগৰাকীক নিযুক্তিৰ বাবে আয়োগে চৰকাৰক অনুমোদন প্রদান কৰিছে৷ ইফালে এপিএছত প্রথম স্থান লাভ কৰিছে পার্থপ্রতিম শর্মাই৷ এপিএছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্রমে অন্বেষা দুৱৰা আৰু বিজয় আহমেদ৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছিল৷