নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ন্তৰ চিকিৎসালয়ৰ ৰেকৰ্ডে পোহৰলৈ আনিছে সেনা-আৰক্ষীৰ বৰ্বৰতা

  • ৯ জনীয়া আৰ্মীৰ দলে এছ ডি পি অ’ আৰু অ’ চিক লৈ চলাইছিল অভিযান
  • জিপচীৰ ভিতৰতে নিৰ্মমভাবে প্ৰহাৰ কৰিছিল জয়ন্তক
  • নিলম্বিত এছ আই গোপাল দলে জড়িত নাছিল অভিযানত

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ সেনা-আৰক্ষীৰ জিম্মাত যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰাৰ মৃত্যুৰ ন ন ৰহস্য ক্ৰমাৎ পোহৰলৈ আহিছে। আজি চাৰিদিনৰ পিছতো সেনা-আৰক্ষীৰ এই হত্যাকাণ্ডৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছে অঞ্চলটোৰ কেইবাটাও দল-সংগঠন আৰু ৰাইজ।

   ইতিমধ্যে ‘নিয়মীয়া বাৰ্তা’ৰ হাতত আহি পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত জয়ন্তৰ মৃত্যুৰ সন্দৰ্ভত থকা লিগেল ৰেকৰ্ড। যিটো ৰেকৰ্ডে এতিয়া অঞ্চলটোৰ ৰাইজক অধিক উত্তেজিত কৰি তুলিছে। ৰিপ’ৰ্টটোত পলাশ বৰা নামৰ এজন চিকিৎসকে জয়ন্তৰ দেহটো পৰীক্ষা কৰাৰ পিছত স্পষ্টকৈ উল্লেখ কৰিছে যে ১৫ জুনৰ সময় পুৱা ৩ বাজি ২৫ মিনিটত সেনা আৰু আৰক্ষীয়ে লৈ আহিছে যুৱকজন।

অতি গুৰুত্বৰ অৱস্থাত যুৱকজনক চিকিৎসাললৈ অনা হৈছে। পৰীক্ষাত যুৱকজনৰ বুকুৰ ধপধপনি নাই, দুয়ো চকুৰ সংবেদনশীলতা নাই। ৰক্ত চাপ, পালচ্, নাৰ্ভ বন্ধ। ইচিজি ফ্লেট। মাত্ৰ ১০ মিনিটৰ ভিতৰত এই আটাইবোৰ পৰীক্ষা সম্পন্ন কৰি ৩ বাজি ৩৫ মিনিটত যুৱকজন মৃত্যু বুলি ঘোষণা কৰিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীয়ে।

      জয়ন্তৰ দেহ চিকিৎসালয় গৈ পোৱাৰ পিছত এক মিনিটো সময় দেৰি নকৰাকৈ চিকিৎসকে পৰীক্ষা আৰম্ভ কৰিছিল। এই ঘটনাই স্পষ্টকৈ প্ৰমাণ কৰিছে যে সেনা-আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অতি দানৱীয়ভাবে প্ৰহাৰ কৰাৰ পিছত জয়ন্তৰ মৃত্যু হৈছে। আনহাতে আগদিনা তিনিবেলা তিনিসাজ ভাত খাই ক্ৰিকেট খেলি ঘূৰি ফুৰা ল’ৰাটোক প্ৰশাসনে শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছে বুলি ক’ব বিচৰা ঘটনা ৰাইজে এতিয়াও সহজভাৱে লব পৰা নাই।

        আন এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি চৰাইদেউৰ ২৪৪ নং ৰেজিমেণ্টৰ ৯ জনীয়া এটা আৰ্মীৰ দলে এখন ক’লা ৰঙৰ জীপচি আৰু এখন বোলেৰ’ গাড়ী লৈ জয়ন্তক ধৰিবলৈ আহিছিল। দলটোৰ নেতৃত্বত আছিল শচীন নাম এজন মেজৰ। দীৰ্ঘদিনৰ পৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ সৈতে যোগাযোগ ৰাখি জয়ন্তই অবৈধ মাৰনাস্ত্ৰ সৰবৰাহ কৰে বুলি খবৰ লাভ কৰিছিল সেনাৰ দলটোৱে। প্ৰথম অৱস্থাত দিনৰ ভাগতে জয়ন্তক ধৰাৰ চেষ্টা চলাইছিল যদিও নোৱাৰি নিশালৈ অভিযান আৰম্ভ কৰিছিল। সেনাৰ দলটোৱে পোনে পোনে আহি তিতাবৰৰ এছ ডি পি অ’ অমৃত কুমাৰ হোজাই আৰু ইয়াৰ পিছতে বৰহোলা আৰক্ষীৰ থানাৰ অ ‘ চি মিণ্টু সন্দিকৈক লগত লৈছিল। নিশা প্ৰায় ১২.৩০ বজাত জয়ন্তৰ ঘৰত গৈ উপস্থিত হৈছিল দলটো। দলটোৱে মাজনিশা তন তন কৈ জয়ন্তৰ বাসগৃহত অভিযান চলোৱাৰ পিজত বলপূৰ্বকভাৱে আৰ্মীৰ কাষ্ট’ডিত ৰখা হৈছৈ বুলি তিনিখন কাগজত চহী কৰাই জয়ন্তক উঠাই লৈ আহিছিল।

    প্ৰথম অৱস্থাত জয়ন্তই নিজে পুৱা বৰহোলা থানাত উপস্থিত হম বুলি কৈছিল যদিও মান্তি হোৱা নাছিল সেনা-আৰক্ষীৰ দলটো। ঘূৰি আহোতে প্ৰথম আহিছিল অ’ চি মিণ্টু সন্দিকৈ উঠি অহা থানাৰ বগা বোলেৰ’ গাড়ীখন, দ্বিতীয়তে আছিল এছ ডি পি অ’ অমৃত হোজাইৰ গাড়ীখন, তৃতীয়তে আৰ্মীৰ মেজন শচীনৰ আৰু শেষৰ ক’লা জীপচিখনত কেইবাজনো সেনা জোৱানৰ সৈতে উঠাই অনা হৈছিল জয়ন্তক। ইয়াতেই অতি নিৰ্মমভাবে জয়ন্তক শাৰীৰিকভাবে প্ৰহাৰ কৰিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত জয়ন্ত মৃতদেহটোৰ গুপ্তাংগ আৰু কাণৰ কাষ সম্পূৰ্ণৰূপে ক’লা হৈ যোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল। উল্লেখ্য যে জয়ন্তৰ ঘৰৰ পৰা বৰহোলা থানালৈ প্ৰায় ৭ কিলোমিটাৰ দূৰ। বৰহোলা থানা পোৱাৰ পিছতে জয়ন্তৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰাত চিকিৎসাৰ বাবে লৈ গৈছিল সমীপতে থকা বৰহোলা সামূহিক চিকিৎসালয়লৈ। তাত দুলেন বৰা নামৰ চিকিৎসকজনক শুৱাৰ পৰা উঠাই জয়ন্তক পৰীক্ষা কৰোৱাইছিল সেনা-আৰক্ষীয়ে। কিন্তু অৱস্থা অধিক সংকটজনক দেখি চিকিৎসকে ততাতৈয়াকৈ জয়ন্তক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। অ’ চি মিণ্টু সন্দিকৈৰ অনুৰোধত চিকিৎসক দুলেন বৰাও এম্বুলেন্সতে যাব ল’গা হৈছিল যোৰহাটলৈ। কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয় পোৱাৰ আগতেই মৃত্যু হৈছিল জয়ন্তৰ।

শোকাকুল বালিজানৰ চৌদিশ

   উল্লেখ্য যে জয়ন্তৰ মৃত্যুৰ পিছতে পৰিস্থিতি উতপ্ত হোৱাৰ উমান পাই অতি পুৱাতে শ শ সেনা-আৰক্ষীয়ে ভৰি পৰিছিল বৰহোলা থানাৰ চৌহদ। প্ৰণিধানযোগ্য যে বৰহোলা থানাৰ অ ‘ চি মিণ্টু সন্দিকৈয়ে ৰাতিপুৱাহে বেকাজানৰ পৰা থানালৈ মাতি আনিছিল আই চি গোপাল দলেক। যিজন গোপাল দলেক ঘটনাটোৰ লগত জড়িত বুলি ইতিমধ্যে নিলম্বিত কৰা হৈছে সেইজন গোপাল দলে সেই নিশাৰ অভিযানত নাছিলেই বুলি জানিব পৰা গৈছে। বেকাজান আৰু নগাবাট অঞ্চলটোত এক সুনাম থকা গোপাল দলেক একাংশই ব্যক্তিগত আক্ৰোষৰ বাবে এই ঘটনাটোৰ সৈতে জড়িত বুলি ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ তুলিছে বৰহোলাৰ সচেতন মহলে। ইফালে গোটেই ঘটনাটোৰ সত্যতা গাপ দিবলৈ আৰক্ষীৰ কেইবাজনো উচ্চ পদস্থ বিষয়াই ন ন কৌশল ৰচনা কৰি সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যই উত্তেজিত কৰি তুলিছে বালিজান আৰু বৰহোলা অঞ্চলৰ একাংশ ৰাইজক।

   যিসকল আৰক্ষীৰ নেতৃত্বত এনেদৰে বৰহোলা অঞ্চলত গুপ্তহত্যা সংঘটিত হৈছে সেইসকলৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক ৰাইজে আহ্বান জনাইছে। জয়ন্তৰ হত্যাত যিগৰাকী সেনা মেজৰ জড়িত তেওঁক এই পৰ্যন্ত প্ৰশাসনে গ্ৰেপ্তাৰ কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপিত হৈছে। ৰাইজৰ দাবী যে চৰকাৰ তথা প্ৰশাসনে তদন্তৰ দায়িত্ব দিয়া আয়ুক্ত ললিত গগৈৰ নেতৃত্বত এক ন্যায়পেক্ষ তদন্তৰ হওক। উল্লেখ্য যে সাত দিনৰ ভিতৰত চৰকাৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি মতে জয়ন্ত বৰাৰ পৰিয়ালবৰ্গই ন্যায় নাপালে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হুংকাৰ দিছে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে।

You might also like