নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমসহ দেশজুৰি অব্যাহত প্রতিবাদ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক, দেশৰ প্রখ্যাত সাংবাদিক অর্ণৱ গোস্বামীক মহাৰাষ্ট্র আৰক্ষীয়ে গ্রেপ্তাৰ কৰাক লৈ আজিও প্রতিক্রিয়া অব্যাহত আছে৷ অসম সন্তানগৰাকীৰ মুক্তিৰ দাবীত আৰু গণতন্ত্রৰ চতুর্থ স্তম্ভৰ ওপৰত চলা স্বৈৰতান্ত্রিক আক্রমণৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল–সংগঠন৷ গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত গণেশ মন্দিৰৰ সমীপত আজি বিয়লি সাংবাদিক অর্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত সামাজিক সচেতন মঞ্চই এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে হাতে হাতে বেনাৰ–প্লেকার্ড লৈ মহাৰাষ্ট্র চৰকাৰ মুর্দাবাদ, সাংবাদিক অর্ণৱ গোস্বামীক মুক্তি দিয়ক, সাংবাদিকৰ কণ্ঠ ৰোধ কৰা নচলিব ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আজিৰ প্রতিবাদী কার্যসূচীত বিজেপি নেতা মনোজ কুমাৰ নাথ, ড০ জ্ঞানেন্দ্র বর্মন, মহীধৰ কলিতা, ৰত্নেশ্বৰ বসুমতাৰীকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে অংশগ্রহণ কৰে৷ ইপিনে মহানগৰীৰ গুৱাহাটী ক্লাবৰ সমীপতো ইউনাইটেড ট্রাষ্ট অৱ আছামৰ সদস্যসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰি ‘সংবাদ মাধ্যমৰ ওপৰত আক্রমণ নচলিব’, ‘গণতন্ত্রক হত্যা কৰিবলৈ দিয়া নহ’ব’ আদি শ্লোগান দিয়ে৷ প্রতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে কংগ্রেছশাসিত ৰাজ্যত গণতন্ত্রৰ চতুর্থ স্তম্ভক বাক্ৰুদ্ধ কৰা হৈছে৷ ছোনিয়া গান্ধীক সন্তুষ্ট কৰিবলৈ উদ্ধৱ থাক্ৰেৰ চৰকাৰে নির্ভীক সাংবাদিক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰিছে৷ এই অগণতান্ত্রিক, স্বেচ্ছাচাৰী কার্যকলাপৰ বিৰুদ্ধে ইউনাইটেড ট্রাষ্ট অৱ আছামে আজিৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ ইপিনে, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদেও অর্ণৱ গোস্বামীৰ অন্যায় গ্রেপ্তাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ বিদ্যার্থী পৰিষদৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত এই কার্যসূচী গ্রহণ কৰা হয়৷ গুৱাহাটী ক্লাবৰ সমীপত বিয়লি গ্রহণ কৰা প্রতিবাদী কার্যসূচীৰ সময়ত শিৱসেনা নেতৃত্বাধীন চৰকাৰ আৰু মুম্বাই আৰক্ষীৰ বিৰুদ্ধে বিদ্যার্থী পৰিষদৰ সদস্যই ধ্বনি দিয়াৰ লগতে সাংবাদিক অর্ণৱ গোস্বামীৰ শীঘ্রে মুক্তিৰ দাবী জনায়৷ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ প্রতিকৃতি দাহ কৰি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে এই ঘটনা গণতন্ত্রৰ চতুর্থ স্তম্ভৰ ওপৰত এক মোক্ষম আঘাত৷ আজিৰ প্রতিবাদী কার্যসূচীত এ বি ভি পিৰ গুৱাহাটী মহানগৰৰ সংযোজক হূষীকেশ ডেকা, ব্রহ্মপুত্র নগৰৰ সাংগঠনিক সম্পাদক কৰবী কাশ্যপ শর্মাকে ধৰি ভালেসংখ্যক সদস্যই অংশগ্রহণ কৰে৷ সাংবাদিক অর্ণৱ গোস্বামীৰ গ্রেপ্তাৰৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ লগতে সামাজিক মাধ্যমতো অসংখ্য লোকে মহাৰাষ্ট্র চৰকাৰৰ অগণতান্ত্রিক কার্যকলাপৰ বিৰোধিতাৰ লগতে অর্ণৱ গোস্বামীৰ নিঃচর্ত মুক্তিৰ দাবী উত্থাপন কৰে৷
১৪ দিনৰ ন্যায়িক জিম্মাত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামী
অসম সন্তান তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰাক লৈ আজিও দেশৰ প্রান্তে প্রান্তে প্রতিবাদ অব্যাহত আছে৷ দেশৰ ভিন্ন প্রান্তত বিশিষ্ট সাংবাদিক অর্ণৱ গোস্বামীক বিনাচর্তে মুকলি কৰি দিয়াৰ দাবীৰে ছ’চিয়েল মিডিয়াযোগে অভিযান চলিছে৷ সংবাদ মাধ্যমৰ স্বাধীনতাক খর্ব কৰি কালি পুৱা মুম্বাইৰ ৱ’র্লিস্থিত বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰা সাংবাদিক গোস্বামীক মুম্বাই–ৰায়গড় আৰক্ষীয়ে আদালতত নিশা হাজিৰ কৰাৰ পাছত সাংবাদিকগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে সাংবাদিকগৰাকীক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এই আবেদন প্রত্যাখ্যান কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ইয়াৰ লগতে আদালতে সাংবাদিক গোস্বামীয়ে গ্রেপ্তাৰৰ সময়ত তেওঁক প্রহাৰ কৰাৰ অভিযোগৰ আবেদনো আদালতে নাকচ কৰে৷ সাংবাদিক গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ পাছতেই তেওঁৰ অধিবক্তাই আৰক্ষীৰ বিৰুদ্ধে এক জয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয় যে স্বতন্ত্র সাংবাদিক আৰু নিউজ নেটৱর্কৰ বিৰুদ্ধে বৃহৎ ৰাজনৈতিক ষড়যন্ত্রৰ অংশ অর্ণৱ গোস্বামীৰ গ্রেপ্তাৰ৷ বন্ধ কেছৰ আধাৰত আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰা গোস্বামীক আনকি প্রহাৰো কৰা হৈছিল৷ ইপিনে আজি সাংবাদিক গোস্বামীৰ হৈ অধিবক্তাই দুবছৰ পুৰণি বন্ধ হোৱা গোচৰ এটা পুনৰ মুকলি কৰি সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা গোচৰটো বন্ধ কৰাৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন এখনৰ শুনানি আজি গ্রহণৰ পৰা বিৰত থাকে বিচাৰপীঠ৷ কাইলৈ এই আবেদনখনৰ শুনানি দুজনীয়া বিচাৰপীঠে গ্রহণ কৰিব৷ তদুপৰি সাংবাদিক গোস্বামীৰ জামিন আবেদনো বোম্বে উচ্চ ন্যায়ালয়ত দাখিলৰ প্রস্তুতি চলাই আছে৷ লক্ষণীয় যে গোস্বামীৰ এই জামিন আবেদনক বিৰোধিতা কৰি আৰক্ষী আৰু আত্মহত্যা কৰা ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকৰ পৰিয়ালে আদালতত আবেদন জনাব বুলিও প্রকাশ পাইছে৷ আনহাতে, বিশিষ্ট সাংবাদিক গোস্বামীক মুম্বাই–ৰায়গড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সন্দর্ভত বিতং তথ্য বিচাৰি ৰায়গড়ৰ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰিছে মহাৰাষ্ট্র মানৱ অধিকাৰ আয়োগে৷ আয়োগে জাৰি কৰা জাননী অনুসৰি কাইলৈ পুৱা ১১ বজাৰ পূর্বে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ আৰু ইয়াৰ সমগ্র তথ্য আয়োগৰ সন্মুখত দাখিল কৰিব লাগিব ৰায়গড় আৰক্ষীয়ে৷ উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকে তিনিটা কোম্পানীৰ পৰা পাবলগীয়া ধন আদায় নোপোৱাৰ পৰিপ্রেক্ষিততে মাতৃসহ নাইকে আত্মহননৰ পথ বাছি লৈছিল৷ নিজ বাসগৃহত আত্মহত্যা কৰা নাইকৰ কোঠাৰ পৰা আৰক্ষীয়ে ছুইচাইড নোট লাভ কৰিছিল৷ অন্বয় নাইকৰ পত্নীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আলিবাগ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত–নুসন্ধানৰ অন্তত সাংবাদিক অর্ণৱ গোস্বামীসহ তিনিজনৰ বিৰুদ্ধে বিশেষ সাক্ষ্য–তথ্য নোপোৱাত গোচৰটো বন্ধ কৰাৰ শপতনামা আদালতত দাখিল কৰিছিল৷ দুবছৰ পাছত এই গোচৰটো পুনৰ মুকলি কৰাৰ কেইদিনমান পাছতে সাংবাদিক গোস্বামীসহ আন দুজনক মুম্বাই–ৰায়গড় আৰক্ষীয়ে কালি পুৱা গ্রেপ্তাৰ কৰে৷ এই গ্রেপ্তাৰক লৈ দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷

You might also like