অসমৰ শিপাই শিপাই মোগলক সুমুৱালে কংগ্রেছে
জিতেন্দ্র সিঙৰ দৰে মানুহ আহে আৰু যায়ঃ ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে কৰা মিত্রতাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এইবাৰ অসমলৈ কংগ্রেছে মোগল অনা বুলি পোনপটীয়া অভিযোগ তুলিলে ৰাজ্যৰ বিত্ত, লোকনির্মাণ, স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– কংগ্রেছে মোগলক অসমৰ ৰাজসভালৈ লৈ আহিল৷ এই আধুনিক মোগলক খেদিবলৈ এক দীঘলীয়া যুদ্ধৰ প্রয়োজন হ’ব৷ উত্তৰ গুৱাহাটীত আজি ব্রহ্মপুত্রৰ ওপৰত হ’ব লগা দলঙৰ দ্বিতীয় খুঁটাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত আজি বিৰোধী দলটোক লৈ এই মন্তব্য কৰাৰ লগতে কয়– এই মোগলক খেদিবলৈ সমষ্টি পুনৰ নির্ধাৰণ, এন আৰ চিৰ পুনৰীক্ষণ আৰু সমুখৰ পৰা যুদ্ধৰ প্রয়োজন হ’ব৷ মোগলে ইতিমধ্যে আমাৰ সমাজৰ শিপাত সোমাই গ’ল৷ এওঁলোকক খেদিবলৈ পাঁচ বছৰ যথেষ্ট নহয়৷ কংগ্রেছে বিগত ৭০ বছৰে মোগলক অসমৰ শিৰাই শিৰাই সুমুৱাই দিলে৷ কংগ্রেছে মোগলক ৰাজসভালৈ লৈ আহিল৷ কংগ্রেছে মোগলক শিপাই শিপাই, অফিচে অফিচে সুমুৱাই দিলে৷ গতিকে এনে আধুনিক মোগলক ওফৰাবলৈ দীঘলীয়া যুদ্ধৰ প্রয়োজন হ’ব৷ আনহাতে, তেওঁ ঘোষণা কৰে যে আগন্তুক নির্বাচনত বিজেপিৰ মূল ইছ্যু হ’ব ৰাইজৰ বিকাশ৷ মন্ত্রীগৰাকীয়ে কয়– শৰীৰ থাকিলেও আত্মা থাকিব লাগিব৷ গতিকে বিকাশ হ’ব, কিন্তু সভ্যতা নাথাকিব, সেয়া হ’ব নোৱাৰে৷ মই ভাবোঁ বিকাশৰ লগে লগে সভ্যতাও সুৰক্ষিত হৈ থাকিব লাগিব৷ কিন্তু এটা কথা ঠিক যে বিকাশেই হ’ব মূল ইছ্যু৷ ইফালে, মহাজোঁট গঠনেৰে আগন্তুক নির্বাচনত ১০০খন আসন দখল কৰিব বুলি কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কৰা মন্তব্যক লৈও আজি সৰৱ হৈ পৰিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
কংগ্রেছৰ পর্যবেক্ষকগৰাকীক কটাক্ষ কৰি ড০ শর্মাই কয়– কংগ্রেছীসকলে তেওঁলোকৰ নেতাসকলক ৰাজনৈতিক বিষয়সমূহ বুজাই–পৰাই পঠিয়াই দিয়ে৷ আৰু তেনেদৰে কংগ্রেছ দলটো চলি থাকে৷ হৰিশ ৰাৱাটে লোকসভা নির্বাচনত কি কৈছিল সকলোৱে জানে আৰু কি পালে সেয়াও জানে৷ মই জিতেন্দ্র সিঙক দোষ নিদিওঁ৷ অসমৰ কংগ্রেছৰ মানুহখিনিয়ে যি কৈছে, তাকেই জিতেন্দ্র সিঙে ব্যাখ্যা কৰিছে৷ জিতেন্দ্র সিঙৰ দৰে মানুহ আহে আৰু যায়৷ অসমৰ নির্বাচনত কোনো প্রভাৱ নপৰে৷ কিন্তু অসমত বিজেপিয়ে ১০০খন আসন পোৱাৰ পৰিৱেশ চলি আছে৷ অর্ণৱ গোস্বামীৰ প্রসংগত মন্ত্রীগৰাকীয়ে আজি কয়– অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰি মহাৰাষ্ট্র চৰকাৰখন কিমান দুর্বল, সেয়া প্রমাণ কৰিলে৷ মোৰ বিৰুদ্ধেও সংবাদ মাধ্যমে লিখে, কিন্তু আমি সেইধৰণৰ বেয়া চিন্তা কৰা নাই৷ মোৰ পৰিয়ালক লৈও বিভিন্ন কথা লিখিছে৷ গণতন্ত্রৰ চতুর্থ স্তম্ভক আমি স্বাধীনতা দিব লাগিব৷ নহ’লে দেশখন বাচি নাথাকিব৷ মহাৰাষ্ট্রত ড্রাগ্ছৰ যি এক খেলা চলি আছে, তাক উদঙাই দিয়াৰ বাবে অর্ণৱ গোস্বামীৰ ওপৰত এই আক্রমণ চলিছে৷ এই গ্রেপ্তাৰৰ জৰিয়তে ড্রাগ্ছ মাফিয়াসকলক উৎসাহিত কৰা হৈছে৷ অখিল গগৈৰ সৈতে অর্ণৱ গোস্বামীৰ গ্রেপ্তাৰৰ তুলনা নহয় বুলি মন্তব্য কৰি মন্ত্রী ড০ শর্মাই কয়– অখিল গগৈ আৰু অর্ণৱ গোস্বামীৰ মাজত থকা পার্থক্য চাব লাগিব৷ ‘কা’ আন্দোলনৰ সময়ত ৰাজপথত জুই জ্বলোৱা আমি নিজে দেখিবলৈ পাইছোঁ৷ অর্ণৱ গোস্বামীয়েতো জুই জ্বলাবলৈ যোৱা নাছিল৷ অর্ণৱ গোস্বামীয়ে টায়াৰ লৈ জুই জ্বলাম বুলি ক’তো কোৱা নাই৷ গতিকে অখিল গগৈ আৰু অর্ণৱ গোস্বামীৰ গ্রেপ্তাৰৰ তুলনা নহয়৷