নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক’লাত বিহু কৰ্মশালাৰ সামৰণিঃ আমাৰ উপৰিপুৰুষসকলে এৰি থৈ যোৱা ভেটিটোত থিয় হৈয়ে বিহুক সংৰক্ষণ আৰু সংবৰ্ধন কৰি ৰাখিব লাগিবঃ প্ৰবীণ শিল্পী গম্ভীৰ নাথ

নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ নগাঁও জিলাৰ বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰক’লা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদ্‌যাপন সমিতিৰ সৌজন্যত আৰু ‘প্ৰয়াস’ৰ সহযোগত যোৱা ৬ এপ্ৰিলৰ পৰা আনুষ্ঠিত হোৱা সপ্তাহযোৰা বিহু কৰ্মশালাৰ কালি (১২ এপ্ৰিল) আনুষ্ঠানিকভাৱে সামৰণি পৰে ৷ বিহু নৃত্য,বিহু গীত, ঢোল-পেঁপা বাদন আদি বিষয়ৰ সন্দৰ্ভত অনুষ্ঠিত কৰ্মশালাখনিত শতাধিক প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰশিক্ষণ আগবঢ়াই বিহুৱতী কঙ্কনা কোঁৱৰ আৰু বিশিষ্ট বিহুৱা বীৰেন ডেকাই ৷ বৰক’লাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘প্ৰয়াস’ৰ সভাপতি তথা বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাখনিৰ মুকলি সভাৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি প্ৰবীন অনাঁতাৰ শিল্পী তথা বিহুৰ বিচাৰক হিচাপে সুখ্যাত গম্ভীৰ নাথে প্ৰশিক্ষাৰ্থী সকলক আমাৰ উপৰিপুৰুষ সকলে এৰি থৈ যোৱা ভেটিটোত থিয় হৈ আমাৰ হৃদপিণ্ড স্বৰূপ বিহুৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সচেতন হৈ পশ্চিমীয়া সংস্কৃতিৰ গ্ৰাসে যেন আমাক ছানি ধৰিব নোৱাৰে তাৰ বাবে সকলোকে জাগ্ৰত হৈ প্ৰাণৰ আপোন বিহুটিৰ জৰিয়তে আমি আমাক ঐক্যবদ্ধ কৰি ৰাখিব লাগিব বুলি বক্তব্য আগবঢ়ায় ৷ কেইবাটিও হৃদয় উদ্দেলিত বিহু গীত পৰিৱেশনৰ জৰিয়তে অসমীয়াৰ জাতীয় জীৱনৰ মহান মহোৎসৱ বিহুক সুৰক্ষিত কৰি ৰাখিবৰ সময়ো এয়াই বুলি শিল্পী নাথে বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিত অসম কৃষ্টি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি অনুপ বৰুৱাই প্ৰশিক্ষাৰ্থী সকলৰ উপযোগীকৈ বিহুগীত পৰিৱেশনৰ জৰিয়তে সকলোকে জীয়াই থাকি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন সমৃদ্ধিশালী সমাজ ৰচনাৰ বাবে আহ্বান জনায় ৷ ৷ প্ৰয়াসৰ মুখ্য সম্পাদক ভদ্ৰ কান্ত ডেকাই আঁত ধৰা অনুষ্ঠানটিত প্ৰশিক্ষক তথা বৰ বিহুৱতী কংকনা কোঁৱৰ আৰু বিহুৱা বীৰেন ডেকাৰ সুন্দৰ পৰিচালনাত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ অন্তিম অনুষ্ঠানটিয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ বৰক’লা গাঁওখনৰ ভিন্ন জাতি-জনগোষ্ঠীৰ উদুলি-মুদুলি পৰিৱেশত বিহু কৰ্মশালাখনিৰ আজিৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকা, সাপ্তাহিক ‘অসম প্ৰৱাহ’ কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল বৰদলৈ, দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি তথা বৰক’লা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদ্‌যাপন সমিতিৰ সম্পাদক যোগ প্ৰসাদ বৰদলৈ, বিশিষ্ট সমাজকৰ্মী শশী ডেকা, অৱসৰপ্ৰাপ্ত অভিযন্তা মোহিনী মোহন লস্কৰ, বিশিষ্ট সমাজকৰ্মী দৰবাৰ সিং, কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষয়িত্ৰী মঞ্জু ৰাণী লস্কৰ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকি বিহু সম্পৰ্কে শ্ৰুতিমধুৰ বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি দিলীপ লস্কৰে অভ্যাগত অতিথি বৃন্দক উদ্দেশ্যি আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই ৷ আনহাতে সন্ধিয়া ছয় বজাৰ পৰা নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পী স্বৰাজ দাসৰ সংগীতৰ অনুষ্ঠানেৰে সাদিনীয়া বিহু কৰ্মশালাখনিৰ পৰিসমাপ্তি ঘটে ৷

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like