নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : ড্ৰাগছবিৰোধী অভিযানত কাছাৰ আৰক্ষীৰ বৃহৎ সফলতাl ৫ কোটি টকাৰ ৪৮ হাজাৰ কফ চিৰাপৰ বটলসহ এজনক গ্ৰেপ্তাৰl কাছাৰ আৰক্ষীৰ বৃহৎ অভিযান। ৪৮ হাজাৰ বোটল কফ চিৰাপ জব্দ কৰিলে কাছাৰ আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি শিলচৰ আইএছবিটিত গুৱাহাটীৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই এই বৃহৎ পৰিমাণৰ কফ চিৰাপ বাজেয়াপ্ত কৰে কাছাৰ আৰক্ষীয়ে। যাৰ বজাৰ মূল্য ৫ কোটি । এই কফ চিৰাপ ত্ৰিপুৰা হৈ বাংলাদেশলৈ নিয়াৰ কথা আছিল। গ্ৰেপ্তাৰ কৰা হয় ট্ৰাক চালকজনক শুকুৰবাৰে শিলচৰত অনুষ্ঠিত সংবাদ মেলযোগে কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে এই কথা সদৰী কৰে। তেওঁ কয়, শিলচৰৰ আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত ময়দাৰ বেগভৰ্তি এখন ট্ৰাক ভালদৰে পৰীক্ষা কৰাৰ সময়ত কাৰ্টুনত পেক কৰি বিপুল পৰিমাণৰ এছকুফ কাহৰ চিৰাপ (ক’ডেইন ফছফেট আৰু ক্ল’ৰফেনিৰামাইন মেলেট) উদ্ধাৰ হয়। যিবোৰ ময়দাভৰ্তি প্লাষ্টিকৰ বেগৰ মাজত লুকুৱাই ৰখা হৈছিল। আগৰতলাত ডেলিভাৰীৰ বাবে নিৰ্ধাৰিত ঘটিৰ পৰা নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ অভিযোগত বিহাৰৰ ফুলৱাৰীয়া গিধাৰ আৰছি ৰাজা নামৰ ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হয় বুলি তেওঁ কয়।
প্ৰেৰক গৌতম তালুকদাৰ