নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ গৱেষণাগাৰত কৃত্রিম মানৱ ভ্রূণ প্রস্তুত

বিশেষ বাৰ্তা, ১৭ জুনঃ শুক্রাণু অথবা ডিম্বাণুৰ প্রয়োজন নাই৷ জননকোষ অবিহনেই ভ্রূণৰ জন্ম অবিশ্বাস্য হ’লেও এয়া সত্য৷ ষ্টেম কোষৰ সাহায্যত কৃত্রিম মানৱ ভ্রূণ প্রস্তুত কৰিছে কেমব্রিজ বিশ্ববিদ্যালয় আৰু কালটেকৰ বিজ্ঞানীসকলে৷ অৱশ্যে গৱেষণাগাৰত উদ্ভাৱন কৰা এই ভ্রূণ আধুনিক ভ্রূণৰ দৰে উন্নত নহয়৷ বৰঞ্চ মানৱৰ বিৱর্তনৰ আৰম্ভণিৰ সময়ৰ সৈতে ইয়াৰ সাদৃশ্য আছে৷ তথাপি বিজ্ঞানীসকলে আশা কৰিছে যে এই পথ অনুসৰণ কৰিয়েই জটিলতম সমস্যাৰ সহজ উত্তৰ পোৱা যাব পাৰে৷ জিনগত অসুখ, সন্তান জন্ম দিবলৈ অপাৰগতা, গর্ভপাত আদি সমস্যাৰ সমাধান ইয়াৰ জৰিয়তে সম্ভৱ হ’ব বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ লক্ষণীয়ভাৱে ‘কৃত্রিম মানৱ ভ্রূণ’ প্রস্তুত কৰা বিষয়টোৱেই বিতর্কিত৷ নীতিগত আৰু আইনী প্রশ্ণও ইয়াত জড়িত হৈ আছে৷ বেছিভাগ দেশেই এনে গৱেষণাক আইনী স্বীকৃতি দিয়া নাই৷  আমেৰিকাৰ এই গৱেষণা সন্দর্ভত এতিয়াও কোনো জার্নালত প্রকাশ পোৱা নাই৷ কিন্তু বষ্টনৰ ‘ইণ্টাৰনেচনেল ছ’চাইটী ফৰ ষ্টেম চেল ৰিছার্চ’ৰ বার্ষিক সন্মিলনত এই গৱেষণাই সৃষ্টি কৰিছে আলোড়ন৷

You might also like