নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টা ধৰি নীপকোৱে এৰিয়েই আছে ৰঙানদী প্ৰকল্পৰ পানী

বিশেষ বাৰ্তা, ১৭ জুনঃ ৰঙানদী প্ৰকল্পৰ নিৰ্মাণ কাৰী প্ৰতিষ্ঠান -নীপকোৱে চৌবিশ ঘন্টা ধৰি একেৰাহে ৰঙানদী ত এৰি আছে ৰঙানদী প্ৰকল্পৰ পানী। কালি পূৱাবেলা ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাৰ বাবে প্ৰকল্পৰ গেট খুলি দিয়া হব পাৰে বুলি নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ পাছতে দুপৰীয়া ১২.২০ বজাত নীপকোৱে প্ৰকল্পৰ এক নং গেট খন এশ মিলিমিটাৰ খুলি দিয়ে। পৰৱৰ্তী সময়ত বিয়লি ভাগলৈ নীপকোৱে ১৩ মিলিমিটাৰ পৰ্যন্ত গেট খুলি প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি মোকোলাই দিয়ে। নীপকোৰ এই কাৰ্য্যত জাঙুৰ খাই উঠে বিভিন্ন সংগঠন। তেওলোকে নীপকোক সংযত হৈ নদীখনত কমকৈ পানী মোকোলাই দিবলৈ দাবী জনায়। সংগঠন সমুহৰ এনে দাবীৰ পৰিপ্ৰেক্ষিতত নীপকোৱে নিশাৰ ভাগলৈ এৰি দিয়া পানীৰ পৰিমাণ কমাই আনে। কিন্তু সম্পুর্ণ বন্ধ কৰা নাই। আজি বিয়লি পৰ্যন্ত চৌবিশ ঘন্টা উকলি যোৱাৰ পাছতো নীপকোৱে একেৰাহে এৰিয়েই আছে প্ৰকল্পৰ পানী। নীপকোৱে প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে লখিমপুৰৰ কিছু অংশক প্ৰভাবিত কৰে। বিশেষ কৈ নগৰৰ সমীপৰ পাচ নৈ এলেকাৰ একাংশ ঘৰ বাৰী প্লাবিত কৰে। আনহাতে জিলা খনৰ বান পৰিস্থিতি আজিও পৰিৱৰ্তন হোৱা নাই। নিতৌ ক্ষতিৰ পৰিমাণ বৃদ্ধি হোৱাৰ হে খবৰ আহিছে। জিলা প্ৰশাসনৰ তথ্য মতেই নাওবৈচাত ১১ খন, কদমত ২ খন, নাৰায়ণ পুৰত ৮ খন, লখিমপুৰত ১খন, গাও বানৰ কবলত পৰিছে। ক্ষতিগ্রস্ত হৈছে ২৩ হেজাৰ ৫১৬ জন লোক। ৩১.৮৭ হেক্টৰ শষ্য ক্ষেত্র বিনষ্ট হৈছে। ছয় হেজাৰোধিক পোহনীয়া জীবজন্তু বানত ক্ষতি হৈছে। আনহাতে জিলাখনৰ শিঙৰা নদীয়ে মথাউৰি ছিঙি জলপ্ৰলয় সৃষ্টি কৰাৰ সমানে  জিলা খনৰ বিভিন্ন স্থানত আন নদীসমুহেও ক্ষয় ক্ষতি কৰিছে৷ দিহিৰী নদীয়ে পুলিনাহৰণি এলেকাত দুঠাইত বান্ধৰ ক্ষতি কৰিছে৷ বিহপুৰীয়া ত গাভৰু নদীয়ে টুনীজান সংযোগী পথটোৰ ক্ষতি কৰিছে৷ নাৰায়ণ পুৰত পিছলা নৈয়ে  ধলপুৰ খলিহামাৰী পথৰ ক্ষতি কৰিছে৷ সোৱণশিৰি ৰ পানীয়ে বেংকেলেঙৰ  পৰা কোৱৰ গাও সংযোগী পথটোৰ ক্ষতি কৰিছে৷ কদমত গোমনদীয়ে  এটা সুৰক্ষা বান্ধৰ ক্ষতি কৰিছে৷ ইয়াৰ উপৰিও বহু ঠাইত পথ, কালভার্ট আদিৰ ক্ষতি হোৱাৰ উপৰি ভালেকেইটা ফিচাৰীৰ চিন মোকাম নোহোৱা কৰি পেলাইছে। বছৰৰ প্ৰথম টো বানে এতিয়া জিলাখনক এনেদৰে ঠেকেচি  পেলাইছে।
প্ৰেৰক জীৱন গোস্বামী

 

You might also like