নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টীয়া ডিডি অসম চেনেলৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ অসমবাসীৰ দীর্ঘদিনৰ আকাংক্ষা পূৰণ কৰি গুৱাহাটী দূৰদর্শনক ডি ডি অসম ৰূপে ২৪ ঘণ্টীয়া চেনেলৰ মর্যাদা প্রদান কৰিছে৷ মঙলবাৰে দিনৰ ১১ বজাত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ বিভাগৰ মন্ত্রী প্রকাশ জাভাড়েকাৰে নতুন দিল্লীৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে এই চেনেলৰ শুভাৰম্ভ কৰে৷ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত দিল্লী দূৰদর্শন আৰু গুৱাহাটী দূৰদর্শন ষ্টডিঅ’ৰ ডিজিটেল সংযোগেৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত দূৰদর্শনৰ সঞ্চালকপ্রধান মায়ংক আগৰৱাল, প্রচাৰ ভাৰতীৰ মুখ্য কার্যবাহী বিষয়া শশী শেখৰ ভেম্পাতি, প্রচাৰ ভাৰতীৰ সদস্য ৰাজীৱ সিং, কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ বিভাগৰ সচিব অমিত খাৰেই ভাষণ প্রদান কৰাৰ লগতে দুয়োটা কেন্দ্রৰ বিষয়া–কর্মচাৰীসক অংশগ্রহণ কৰে৷ অনুষ্ঠানটিলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীৰ লগতে বিশিষ্ট চিত্র পৰিচালক জাহ্ণু বৰুৱা, মঞ্জু বৰা আৰু জনপ্রিয় সংগীত শিল্পী জুবিন গার্গে শুভেচ্ছা বার্তা প্রেৰণ কৰে৷

You might also like