নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি ধর্ণাত বহিল অধিবক্তা সমাজ

আদালতৰ নিয়মীয়া কাম আৰম্ভ কৰাৰ দাবী

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতসমূহৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে অধিবক্তা সমাজে৷ সদৌ অসম উকীল সন্থা আৰু বাৰ কাউন্সিলৰ আহ্বানমর্মে পুৱা ১১.৩০ বজাৰ পৰা এঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণেৰে অধিবক্তাসকলে এই প্রতিবাদী কার্যসূচী সাব্যস্ত কৰে৷ বিশেষকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু লকডাউনৰ বাবে ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে কেৱল জৰুৰীকালীন গোচৰসমূহৰহে শুনানি গ্রহণ কৰাৰ বিৰোধিতা কৰিছে অধিবক্তাসকলে৷ সেয়েহে ভার্চুৱেল ক’টৰ সলনি আদালতসমূহৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছে প্রতিবাদী অধিবক্তাসকলে৷ ভার্চুৱেল ক’ট ব্যৱস্থা প্রৱর্তনৰ ফলত সাধাৰণ ৰাইজ ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্রতিবাদী অধিবক্তাসকলে এইবুলিও কয় যে স্বাস্থ্য বিধি অনুসৰণ কৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ খুলিবলৈ অনুমতি দিয়া হৈছে৷ একেদৰে কার্যপালিকাৰ কামো নিয়মীয়াভাৱে ১০০ শতাংশ উপস্থিতিৰে আৰম্ভ হৈছে৷ এনে সময়ত ন্যায়পালিকাৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰাত সমস্যা ক’ত বুলি প্রশ্ণ কৰিছে অধিবক্তাসকলে৷ আনহাতে, সুদীর্ঘ সময় ধৰি উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতসমূহৰ কাম–কাজ বন্ধ হৈ থকাৰ ফলত অর্থনৈতিকভাৱে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে অধিবক্তা সমাজ৷ যাৰ বাবে ন্যায়ালয়সমূহৰ কাম–কাজ নিয়মীয়া কৰাটো অত্যন্ত জৰুৰী বুলিও তেওঁলোকে মন্তব্য কৰিছে৷ আজি গুৱাহাটীত সদৌ অসম উকীল সন্থাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ আৰু উচ্চ ন্যায়ালয়ত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই কার্যসূচীত সন্থাৰ বিষয়ববীয়াসকলৰ লগতে বাৰ কাউন্সিলৰ বিষয়ববীয়াসকলেও অংশগ্রহণ কৰে৷ বাৰ কাউন্সিলৰ আহ্বানমর্মে অসমৰ উপৰি অৰুণাচল, নাগালেণ্ড, মিজোৰাম আৰু ছিকিমতো আদালতসমূহৰ নিয়মীয়া কাম–কাজ আৰম্ভ কৰাৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰা হয়৷ এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে পূর্বৰ দৰে নিয়মীয়াকৈ কাম–কাজসমূহ আৰম্ভ কৰাৰ লগতে উকীল সন্থাৰ কার্যালয় আৰু লাইব্রেৰীসমূহ অনতিপলমে খুলি দিবলৈ দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে কালি এখন সংবাদ মেলযোগে সদৌ অসম উকীল সন্থাৰ বিষয়ববীয়াসকলে প্রকাশ কৰিছিল যে সম্প্রতি ন্যায়ালয়সমূহত প্রৱর্তন কৰা ভার্চুৱেল ক’ট ব্যৱস্থা আসোঁৱাহপূর্ণ আৰু অবিজ্ঞানসন্মত৷ ইয়াৰ পূর্বে কেইবাবাৰো সন্থাই নিয়মীয়া কাম–কাজ আৰম্ভ কৰাৰ দাবীৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক–পত্র দাখিল কৰিছিল৷ কিন্তু এই সন্দর্ভত কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল উচ্চ ন্যায়ালয় কর্তৃপক্ষই৷ যাৰ পৰিপ্রেক্ষিতত আজিৰ এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে অধিবক্তাসকলে৷ গুৱাহাটীৰ উপৰি ধেমাজি, দৰং, তেজপুৰ, গোৱালপাৰা, হাজো, ধুবুৰী আৰু নগাঁও আদিকে ধৰি বিভিন্ন স্থানত অধিবক্তাসকলে প্রতিবাদ সাব্যস্ত কৰে৷

You might also like