নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলৰ কুকুৰাৰ মাংসৰ জৰিয়তে চীনলৈ ক’ভিড–১৯

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ এইবাৰ ব্রাজিলৰ পৰা আমদানি কৰা কুকুৰা চৰাইৰ দেহত ক’ভিড–১৯ ধৰা পৰিছে চীনত৷ দক্ষিণ চীনৰ ছেনঝেন চহৰলৈ প্রেৰণ কৰা কুকুৰা চৰাইৰ দেউকাত ক’ভিড–১৯ৰ উপস্থিতি পোৱা গৈছে৷ ছেনঝেনৰ স্থানীয় প্রশাসনে আজি এই কথা সদৰী কৰাৰ লগে লগে বিষয়টোক লৈ দেশখনৰ সংবাদ মাধ্যমত চলিছে ব্যাপক চর্চা৷

স্থানীয় ৰোগ প্রতিৰোধ কেন্দ্রৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি বিদেশৰ পৰা অহা কুকুৰা চৰাইৰ মাংসৰ ওপৰত পৰীক্ষা চলোৱা হৈছে৷ তেতিয়াই ব্রাজিলৰ পৰা দেশখনলৈ ৰপ্তানি হোৱা কুকুৰাৰ মাংসৰ দেউকাত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে বুলি ৰোগ নিয়ন্ত্রণ কেন্দ্রৰ জ্যেষ্ঠ বিষয়ববীয়া এগৰাকীয়ে সদৰী কৰিছে৷

উল্লেখনীয় যে যোৱা জুন মাহৰ পৰা বিদেশৰ বিভিন্ন খাদ্য–সামগ্রীৰ ওপৰত পৰীক্ষা চলাই আহিছে বেইজিং প্রশাসনে৷ বিশেষকৈ মাংস আৰু সামুদ্রিক খাদ্যৰ ওপৰত বেইজিং প্রশাসনে কঠোৰভাৱে চলাই আহিছে পৰীক্ষা৷ এই পৰীক্ষাতেই ধৰা পৰিছে কুকুৰাৰ মাংসত ক’ভিডৰ উপস্থিতি৷

You might also like