অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী মিছ ৰোজী ব্ৰহ্মই যুৱ বিজ্ঞানীসকলৰ বাবে অতি সন্মানীয় ‘এম জে নৰসিংহ শৈক্ষিক মেধা বঁটা’ লাভ কৰিছে। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI), নতুন দিল্লীৰ পি এইচ ডি গৱেষক মিছ হালিমা খাতুনৰ সৈতে যুটীয়াভাৱে তেওঁক এই বঁটা প্ৰদান কৰা হয়।
ফাইটোকেমিকেলভিত্তিক জৈৱ-কীটনাশক প্ৰস্তুতকৰণ বিষয়ক উদ্ভাৱনীমূলক গৱেষণাৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে। ১৮-২০ ফেব্ৰুৱাৰীত বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ‘ইণ্ডিয়ান ফাইটোলেথ’লজিকেল ছ’চাইটী’ৰ ৰাষ্ট্ৰীয় সন্মিলনত এই বঁটা প্ৰদান কৰা হয়। ১৯৭২ চনত আৰম্ভ হোৱা এই বঁটা লাভ কৰা ৰোজী ব্ৰহ্ম হ’ল অসম কৃষি বিশ্ববিদ্যালয়ৰ তৃতীয়গৰাকী ছাত্ৰী। তেওঁ চিৰাং জিলাৰ বিজনীৰ বাসিন্দা আৰু কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অনুৰাগ কাশ্যপৰ তত্ত্বাৱধানত গৱেষণা কৰিছিল।