নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচি পৰীক্ষাৰ ফলাফলত উজলিল যোৰহাটৰ অভিজ্ঞান বৰা

ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত ৫৭০ সংখ্যক স্থান দখলেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে ডা: অভিজ্ঞান বৰাই। যোৰহাটৰ কান শইকীয়া পথ নিৱাসী প্ৰয়াত গোলাপ চন্দ্ৰ বৰা আৰু ৰুবী বৰাৰ কনিষ্ঠ পুত্ৰ ডা: অভিজ্ঞান বৰাৰ এই সফলতাত যোৰহাটত উঠিছে আনন্দৰ জোৱাৰ।

২০২৩ চনত এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ দহোটীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক হিচাপে নিযুক্তি লাভ কৰিছিল অভিজ্ঞান বৰাই। কিন্তু ইয়াৰ মাজতেই দেখা পাইছিল বহু সামাজিক সমস্যা। যিসমূহ চিকিৎসক হৈ সমাধান কৰাটো সম্ভৱ নহয়। সেয়ে তেওঁ অসামৰিক সেৱাৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰি বৃহৎ পৰিসৰৰ লোকক সেৱা কৰাৰ মনোভাব পুহি ৰাখিছিল বুলি জানিবলৈ দিয়ে।

অভিজ্ঞান বৰাই চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকাৰ মাজতে ২০২৩ চনৰ পৰাই ভাৰতীয় অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আৰু দ্বিতীয়বাৰত তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। অভিজ্ঞানৰ বিষয় আছিল সমাজতত্ত্ব ।

ভাৰতীয় অসামৰিক পৰীক্ষাৰ ফলাফলত এই সফলতা অৰ্জন কৰি ডা: অভিজ্ঞান বৰাই কয় যে মোৰ এই লক্ষ্যত উপনীত হোৱাৰ বাবে দৈনিক দহৰ পৰা বাৰ ঘণ্টা পৰ্যন্ত অধ্যয়ন কৰিছিলোঁ। কেতিয়াবা নিশা দুই বজালৈকে পঢ়া-শুনা কৰা বুলি জানিবলৈ দি অভিজ্ঞান বৰাই চিভিল ছাৰ্ভিচৰ প্ৰসংগ পুথি সংগ্ৰহ কৰি ইয়াৰ পৰা নিজেই নোটছ প্ৰস্তুত কৰি অধ্যয়ন কৰিছিল বুলি কয়। ইয়াৰ উপৰি অনলাইন কোচিং কৰাৰ বাবে সফলতাত সহায় হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। সফলতাৰ বাবে কষ্ট কৰিব বুলি উল্লেখ কৰি অভিজ্ঞানে কয় যে এতিয়া চিকিৎসা সেৱাৰ পৰা আঁতৰি আহিলেও প্ৰয়োজনত চিকিৎসা সেৱা আগবঢ়াম।

বিশেষ বাৰ্তা, যোৰহাট, ৬ মাৰ্চ :
You might also like