বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰঃ বছৰটোৰ অন্তিম দিনা আজি গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে শীতৰ সন্ধিয়া উমাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ শেষ ডিচেম্বৰৰ কুঁৱলি আচ্ছাদিত মায়াময় পৰিৱেশত লেখক-পাঠকৰ মাজত চলা সাহিত্যৰ আড্ডাই প্ৰাণোচ্ছল কৰি তোলে গ্ৰন্থমেলাৰ চোতাল৷ নতুন কিতাপ বিচাৰি অহা পঢ়ুৱৈৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে বিপণী সমূহত৷ভাষা-সাহিত্য-সংস্কৃতিক লৈ আয়োজন কৰা ভিন্নসুৰি কাৰ্যসূচীয়েও আকৰ্ষণ বৃদ্ধি কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ৷ আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে আয়োজন কৰে “অসমীয়া সাহিত্যৰ সমৃদ্ধিত লোক-কৃষ্টিৰ গুৰুত্ব” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ৷ ড° নবীন চন্দ্ৰ শৰ্মা আৰু ড° প্ৰবীন চন্দ্ৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কনক চন্দ্ৰ চহৰীয়াই ৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে- “লোক-কৃষ্টিৰ দুগৰাকী স্বনামধন্য গৱেষকৰ সোঁৱৰণত অসম প্ৰকাশন পৰিষদে এই আলোচনা সত্ৰ অনুষ্ঠিত কৰি দায়ৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে ৷ কৃষ্টিৰ পৰিশোধিত ৰূপেই হৈছে সংস্কৃতি ৷ লোক-কৃষ্টিক বাদ দি সফল সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে ৷ লোক-জীৱনক প্ৰতিফলিত আৰু প্ৰতিনিধিত্ব কৰা সাহিত্য যুগ যুগান্তৰলৈ ৰৈ গৈছে ৷ অসমীয়া সাহিত্যৰো আঁহে-কোঁহে লোক-সংস্কৃতি সঞ্চিত হৈ আছে৷ মাধৱ কন্দলি, শংকৰদেৱ-মাধদেৱ, অনন্ত কন্দলিৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ সময়লৈ আৰু তেতিয়াৰ পৰা আজিলৈকে লোক-কৃষ্টিৰ সমলেৰে অসমীয়া সাহিত্য সমৃদ্ধ হৈছে ৷ এই যাত্ৰা নিশ্চয় আগলৈও অক্ষুণ্ণ থাকিব ৷” আন এগৰাকী আলোচক অতিথি , লেখক ড° ধৰণী লাহনৰ মতে–“ লোক-জীৱনৰ প্ৰতিফলন নহ’লে সাহিত্যই মানুহৰ হৃদয়ত স্পৰ্শ কৰিব নোৱাৰে ৷ অসমৰ লোক-জীৱনৰ বিভিন্ন স্তৰ আছে৷ ভিন্ন স্বৰ আছে৷ এই লোক-জীৱন , লোক-ভাষাক সাহিত্যলৈ তুলি আনি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷” একেদৰে লেখক-গৱেষক ড° সূৰ্য দাসে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি কয় যে লোক-কৃষ্টিৰে অসম আতি চহকী ৷ এই চহকী ঐতিহ্যই অসমীয়া সাহিত্যৰো ঐতিহ্য৷ তেওঁ গুৰুজনা শংকৰদেৱৰ পৰা আৰম্ভ কৰি সমকালীন সাহিত্যত প্ৰতিফলিত লোক-কৃষ্টিৰ গৱেষণামূলক বিস্তৃত ব্যাখ্যা আগ বঢ়ায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা তথা লেখক ড° মেঘনা চৌধুৰীয়েও আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয়৷ তেওঁ কয়—“লোক-কৃষ্টি হৈছে মানুহৰ দৈনন্দিন জীৱন-যাত্ৰাৰ শৈলী৷ লোক-কৃষ্টি বুটলিবলৈ যোৱা মানে জন-জীৱনৰে সংপৃক্ত হোৱাৰ এটা প্ৰক্ৰিয়া ৷ সাহিত্যও সমাজ-জীৱনৰ বিভিন্ন সন্ধান-অনুসন্ধান বা আৱিষ্কাৰ-পুনৰ আৱিষ্কাৰৰ এক যাত্ৰা ৷ এই যাত্ৰাই স্বাভাৱিকতে লোক-কৃষ্টিক আকোঁৱালি লয় ৷ আধুনিক সমাজ আৰু সাহিত্যও লোক-কৃষ্টিৰ উপাদানেৰে সমৃদ্ধ হৈ উত্তৰণৰ বাট মুকলি কৰিছে ৷ অসমীয়া সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয় ৷ জনজাতীয় লোক-জীৱনক আধাৰ কৰি ৰচিত গল্প-উপন্যাস-কবিতা কালোত্তীৰ্ণ হৈ ৰৈছে৷ লোক-কৃষ্টি কেৱল গ্ৰাম্য সমাজতহে আছে এনে নহয় ; লোক-কৃষ্টিয়ে প্ৰান্তীয় সমাজ ,গাওঁ, নগৰ উভয়কে সামৰি লয়৷” আলোচনা সত্ৰখন উদ্বোধন কৰে ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাণজিৎ নাথে৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায় ৷
অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত কাহিনীৰ গুৰুত্ব
আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত কাহিনীৰ গুৰুত্ব” শীৰ্ষক আন এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই আলোচনা সত্ৰখন সঞ্চালনা কৰি কয়- “অসমীয়া চলচ্চিত্ৰত জয়মতীৰ জৰিয়তে কাহিনীৰ গুৰুত্ব প্ৰতিপন্ন কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ তেওঁ দেখুৱাই যোৱা বাটেৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাস আগবাঢ়িছে৷ কাহিনী পৰিচালনাও এটা গুৰুত্বপূৰ্ণ বিষয়৷ ” প্ৰসংগক্ৰমে তেওঁ নিপ বৰুৱা আৰু মুনিন বৰুৱাৰ বিষয়ে উল্লেখ কৰি কয় যে কাহিনীৰ শক্তিশালী গাঠনিয়ে দুয়োগৰাকী চলচ্চিত্ৰ নিৰ্মাতাক সফলতাৰ বাট মুকলি কৰি দিছিল৷ অনুষ্ঠানত আলোচক অতিথি, কলা-সমালোচক, কবি অপৰাজিতা পূজাৰীয়ে বিষয় প্ৰসংগত কয়- “যিকোনো কলা বা শিল্পৰ উত্তৰণৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল নতুনত্বৰে ইয়াক গজাই তোলা ৷ এতিয়াৰ সময়ৰ বাবে কাহিনী এটা কেনেদৰে নিৰ্মাণ কৰি এয়া উচ্চ স্তৰলৈ নি মানুহৰ মন-মগজু স্পৰ্শ কৰিব পাৰি সেয়া চাব লাগিব ৷ কাহিনী সকলোৰে থাকে ৷ নিজা নিজা কাহিনী থাকেই ৷ আজিৰ এই প্ৰযুক্তিৰ যুগত কাহিনীটো কেনেদৰে চলচ্চিত্ৰত নিৰ্মাণ কৰিব পাৰি সেই পৰিক্ৰমা অতি গুৰত্বপূৰ্ণ ৷ চিনেমা কেৱল চকুৰে চোৱা এটা কলাই নহয়, এয়া অনুভৱ কৰিব পাৰিলে ভাল ৷ অনুভৱ হ’বলৈ বা শিহৰিত কৰিবলৈ কাহিনী শক্তিশালী হ’বই লাগিব ৷ তদুপৰি কাহিনীত দৰ্শকে নিজৰ কাহিনী বিচাৰি পাব লাগিব অৰ্থাৎ কাহনীটো দৰ্শকৰো হ’ব লাগিব৷ সম্প্ৰতি এনে কাহিনীৰ অভাৱ হৈছে৷” আন এগৰাকী আলোচক অতিথি দীপশিখা ভাগৱতীৰ বক্তব্য হৈছে- “জয়মতী কথাছবিৰ কাহিনী লোৱা হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ৷ কিন্তু জয়মতীক অসমৰ সকলোৱে জানে৷ তথাপি জয়মতীক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই ব্যৱসায়িকভাৱে অসফল বুলি কৈছিল৷ সেয়া ৩০-৪০ দশকৰ সামাজিক প্ৰেক্ষাপটৰ কথা ৷ কিন্তু তেওঁ কাহিনীৰ গুৰুত্ব বুজিয়ে নিশ্চয় জয়মতীক নিৰ্বাচিত কৰিছিল ৷ ড° ভবেন্দ্ৰনাথ শইকীয়ায়ো নিজৰে অতি শক্তিশালী কাহিনীবোৰক চলচ্চিত্ৰৰ বাবে বাছি লৈছিল ৷ ড° শইকীয়াৰ কাহিনীৰ অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত বিশেষ বৰঙনি আছে৷” তেওঁ লগতে কয় যে কাহিনী সদায় লিখিত হ’ব লাগিব বুলি কোনো কথা নাই৷ লোক-জীৱনৰ প্ৰচলিত কাহিনীয়েও চলচ্চিত্ৰক গতি প্ৰদান কৰে ৷ প্ৰসংগক্ৰমে তেওঁ ড° ভূপেন হাজৰিকাৰ প্ৰতিধ্বনিৰ বিষয়ে উল্লেখ কৰে৷ ভাগৱতীয়ে এইবুলিও উল্লেখ কৰে যে কাহিনীক বাদ দি ভাল চলচ্চিত্ৰ এখনৰ কথা ভাবিব পৰা নাযায় ৷ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হেমন্ত কুমাৰ দাস৷ তেওঁ কয়—“ ভাল কাহিনী এটা লাগেই ৷ কাহিনী কথনৰ প্ৰক্ৰিয়াই চলচ্চিত্ৰৰ মান নিৰ্ণয় কৰে ৷ ছবিত কাহিনী কোৱাটো এটা পৰম্পৰা ৷ অৱশ্যে এই পৰম্পৰাক লৈ বিভিন্ন সম্পৰীক্ষা হৈছে৷ অসমীয়া চলচ্চিত্ৰতো হৈছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰভাৰ পৰা এতিয়ালৈ অসমীয়া চলচ্চিত্ৰত কাহিনীয়ে গুৰুত্ব লাভ কৰি আহিছে৷” শক্তিশালী কাহিনীৰ বাবেই “চিৰাজ” ছবিখনে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল বুলি কয় দাসে ৷ তেওঁ ড° ভূপেন হাজৰিকা , নীপ বৰুৱা, ব্ৰজেন বৰুৱাৰ পৰা আব্দুল মজিদ, ড° ভবেন্দ্ৰনাথ শইকীয়া , পদুম বৰুবা, পুলক গগৈ , জাহ্নু বৰুৱা , সঞ্জীৱ হাজৰিকা , বিদ্যুৎ চক্ৰৱৰ্তী, সান্ত্বনা বৰদলৈ , সঞ্জীৱ সভা পণ্ডিত তথা এতিয়াৰ নতুন নিৰ্মাতাসকলে কাহিনীক গুৰুত্ব দিয়েই অসমীয়া চলচ্চিত্ৰৰ উত্তৰণৰ ইতিহাস ৰচনা কৰা বুলি উল্লেখ কৰে ৷ আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়োৱা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ড° হিতেশ তহবিলদাৰে এই অনুষ্ঠান উদ্বোধন কৰে ৷ ইপিনে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷