নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্য কেন্দ্ৰ হিচাপে গঢ়িবলৈ গৌৰীপুৰৰ হাৱামহল চমজি লবলৈ সাজু ৰাজ্য চৰকাৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ লোকগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ মাটিৱাবোগৰ ‘‘হাৱা মহল’’ এৰি নতুনকৈ ৰূপ দিয়াৰ এতিয়া প্ৰস্তুতি চলিছে প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ। কিয়নো নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই চৰকাৰে আনুষ্ঠানিক ভাৱে অধিগ্ৰহণ কৰাৰ সম্ভাৱনা আছে “হাৱা মহল”কে ধৰি তাত থকা বহু আপুৰুগীয়া আলোকচিত্ৰ, তৈলচিত্ৰকে ধৰি পুৰণি অস্ত্ৰ-শস্ত্ৰসহ নানান ঐতিহাসিক সমল। সেই তালিকা ইতিমধ্যে প্ৰস্তুত কৰি তুলা বুলি জানিবলৈ দিছে ৰাজ পৰিয়ালটোৰ সদস্য তথা প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃ প্ৰৱীৰ বৰুৱাই। এই সন্দৰ্ভত ইতিবাচক আৰম্ভণিৰে নতুন বছৰৰ ২ জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত “হাৱা মহল” আৰু তাত থকা ঐতিহাসিক সমলসমূহ চমজি ল’ব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে।

সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া সেই আনুষ্ঠানিক হস্তান্তৰ প্ৰক্ৰিয়াৰ লৈ ইতিমধ্যে ব্যাপক তৎপৰতা আৰম্ভ হৈছে “হাৱা মহল”ত।

দীৰ্ঘ এক ইতিহাসৰ সাক্ষী, শৈশৱ-যৌৱন অতিবাহিত কৰা বাসস্থান বিষাদ মনেৰে এৰিবলৈ সাজু হোৱাৰ সমান্তৰালকৈ তেওঁলোকৰ পৰিয়ালৰ চহকী সেই ইতিহাস সংৰক্ষিত হোৱাৰ বিষয়টো লৈ উৎফুল্লিতও পৰিয়ালটো। উল্লেখ্য যে, বিগত ৭ অক্টোবৰ দিনা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান “হাৱা মহল”কে ধৰি শিল্পীগৰাকীৰ সাংস্কৃতিক অবদান সমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক কেবিনেটে লৈছিল এক যুগান্তকাৰী সিদ্ধান্ত। সেই অনুসৰিয়েই নতুন বছৰৰ প্ৰথম সপ্তাহতেই ইতিবাচক এক যাত্ৰাৰ “হাৱা মহল”ক প্ৰয়াত সেই শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ পৰা আনুষ্ঠানিক ভাৱে চমজি লোৱাৰ সম্ভাৱনা আছে চৰকাৰে।

চৰকাৰৰ সেই সিদ্ধান্তক লৈ উৎফুল্লিত শিল্পীগৰাকীৰ অলেখ গুণমুগ্ধকে ধৰি সৰ্ব সাধাৰণ ৰাইজে চৰকাৰৰ এই সিদ্ধান্তই অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু লোক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভুমিকা পালন কৰিব বুলিও আশা কৰিছে। উল্লেখ্য যে, শিল্পীগৰাকীৰ মৃত্যুৰ পিছত তেখেতৰ সংগীত সাধনাৰ পিঠস্থান মাটিয়াবোগৰ “হাৱা মহল”ক এক সংগ্ৰহালয়ৰূপে স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তদানীন্তন চৰকাৰৰ উপৰিও বিভিন্ন মহলে। পিছে প্ৰদান কৰা সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত অসাৰ ৰূপেই প্ৰতিপণ্ণ হৈছিল। অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত প্ৰয়াত শিল্পীগৰাকীৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনোৱা হয়।

অৱশেষত শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰায় ২০ বছৰ পিছত তেখেতৰ বহু অনুৰাগী আৰু ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া আশা পূৰণ এতিয়া পূৰণ হোৱাৰ পথত। উল্লেখ্য যে, গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ-অট্টালিকা সদৃশ মহলটো৷ প্ৰথম মহাসমৰৰ সময়ত ১৯০৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহলটোৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ সময় লাগিছিল ১০ বছৰ৷ ৩ লাখ ৪০ হাজাৰ টকা ব্যায়েৰে ক’লকাতাৰ “চায়না টাউন”ৰ পৰা অহা চাইনিজ মিস্ত্ৰীয়ে নিৰ্মাণ কৰি উলিওৱা এই মহলটোত হিন্দু, মোগল আৰু ব্ৰিটিছ স্থাপত্য ক’লাৰ উপাদান দেখা যায়৷ “হাৱা মহলক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ-অতিথিশালা তথা গ্ৰীষ্ম-আৱাসৰূপে ব্যৱহাৰ কৰিছিল৷

মহলটোত আছিল বিভিন্ন আপূৰূগীয়া তৈল চিত্ৰ, আলোকচিত্ৰ, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰকে ধৰি অন্যান্য বহু ঐতিহাসিক মহত্বতা থকা বয়-বস্তু৷ কিন্তু সেই সামগ্ৰীবোৰৰ অধিকাংশই সংৰক্ষণৰ অভাৱত নষ্ট হৈ গৈছে৷ বৰ্তমানে মহলটোৰ “বিলিয়াৰ্ড ৰূমত কিছু সামগ্ৰী ৰখা হৈছে যদিও যথাযথ সংৰক্ষণৰ অভাৱত সেইবোৰৰ তথ্যবচ অৱস্থা৷ তদুপৰি এক বিশেষ ইতিহাসৰ সাক্ষী বহন কৰি ‘‘হাৱা মহল’’ৰ চৌহদত আছে বীৰ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ বৰতোপ এটাও। সেই বিশেষ ইতিহাস জীয়াই ৰখাৰ স্বাৰ্থত নামনি অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি গোৱালপাৰা জিলাৰ ইতিহাসৰ সৈতে জড়িত থকা সেই সামগ্ৰীবোৰৰ সংৰক্ষণৰ প্ৰয়োজন থকা বুলি মত প্ৰকাশ কৰি অহা পোৱা গৈছিল বহুতেই।

শোৱনি কোঠা, শৌচাগাৰসহ মুঠ ২৪ টা কোঠালি আছে।প্ৰায় তেৰ বিঘা মাটি কালিৰে আগুৰি থকা হাৱাখানাৰ আগফালে প্ৰতাপ সিং নামৰ ৰাজপৰিয়ালৰ হাতী এটাৰ মৃতদেহ পুতি থোৱা আছে। বিশ্ব বৰেণ্য শিল্পী তথা ৰাজ পৰিয়ালটোৰেই সদস্য প্ৰয়াত প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ পৰিচালিত ‘ মুক্তি ‘, গণশিল্পী ভূপেন হাজৰিকাৰ পৰিচালিত “মাহুত বন্ধুৰে”, প্ৰখ্যাত বোলছবি অভিনেতা প্ৰয়াত উত্তম কুমাৰ পৰিচালিত “বিচাৰক” আদি কেইবাটাও কালজয়ী চলচ্চিত্ৰৰ দৃশ্যায়ণ কৰা হৈছিল এই “হাৱা মহল”তেই।

১৯৫৭ চনত “মাহুত বন্ধু ৰে” বোলছৱিখনৰ চিত্ৰায়ণ কৰাৰ বাবে পত্নী প্ৰিয়ম্বদা হাজৰিকাসহ ‘হাৱা মহল’ৰ অতিথিশালাত প্ৰায় ডেৰ মাহ আছিল প্ৰয়াত ড৹ ভূপেন হাজৰিকাও৷ প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত “দেশী গান” শুনি মুগ্ধ হৈছিল প্ৰয়াত গণশিল্পীগৰাকীয়ে আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল প্ৰয়াত সেই দুইগৰাকী কালজয়ী শিল্পীৰ সংগীতময় যাত্ৰাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like