মাইক্র’ ফাইনেঞ্চৰ ১১ লাখ হিতাধিকাৰীলৈ ১,৮০০ কোটি
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ নির্বাচনৰ সময়ত মাইক্র’ ফাইনেঞ্চৰ ঋণ চৰকাৰে ঘূৰাই দিয়াৰ প্রতিশ্রুতি আখৰে আখৰে পালন কৰি ৰূপায়ণৰ দিশত অগ্রসৰ হ’ল ৰাজ্য চৰকাৰ৷ বৃহস্পতিবাৰে ধেমাজিৰ উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা ১১ লাখ মহিলাৰ বিপৰীতে ১,৮০০ কোটি টকাৰ প্রস্তাৱত অনুমোদন জনায়৷
কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে সদৰী কৰি কয় যে ৰাজ্যৰ ১১ লাখ মহিলা যিসকলে মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈ সময় মতে কিস্তি পৰিশোধ কৰি আহিছে, তেওঁলোকক সর্বাধিক ২৫ হাজাৰ টকালৈকে চৰকাৰে আদায় দিয়াৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত কার্যকৰী কৰাৰ বাবে আজিৰ কেবিনেটে ১,৮০০ কোটি টকা আবণ্টন দিয়ে৷ অহা ১ ডিচেম্বৰৰ পৰা তেওঁলোকক চৰকাৰে এই ধন চেকযোগে প্রদান কৰিব৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা আনসকলৰ যিয়ে কিস্তিৰ ধন পৰিশোধ কৰিব পৰা নাই, তেওঁলোকৰ বাবে চৰকাৰে অচিৰেই প’র্টেল এটা খুলি দিব আৰু তাত তেওঁলোকে আবেদন কৰিব পাৰিব৷
সেইদৰে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ বাবেও আজিৰ কেবিনেটে ৭০০ কোটি টকাৰ পেকেজত অনুমোদন জনায়৷ ইয়াৰে ৫৭০ কোটি টকা কর্মচাৰীসকলে বকেয়া দৰমহাকে ধৰি অন্যান্য শিতানত লাভ কৰিব৷ সেইদৰে অনাদায় হৈ থকা বৈদ্যুতিক বিল আদিও আদায় দিয়া হ’ব৷ ইয়াৰ বিপৰীতে কাগজ কল দুটাৰ ৪,৭০০ বিঘা মাটি অসম চৰকাৰৰ অধীনলৈ আহিব৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু প্রকাশ কৰা মতে, কাগজ কল দুটাৰ স্থানত চৰকাৰে ইণ্ডাষ্ট্রিয়েল পার্ক স্থাপন কৰিব৷ কাগজ কল দুটা বন্ধ হোৱাৰ আগে আগে নতুনকৈ চাকৰিত যোগদান কৰা ১০০জন দক্ষতাসম্পন্ন লোকক চৰকাৰী চাকৰিত সংস্থাপন কৰিব৷