নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেৰমান আলীৰ দৰে নেতাক বৰঘৰত সোমাব দিব নালাগেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ অসমৰ জাতীয় শ্বহীদক চোৰ–ডকাইতৰ সৈতে তুলনা কৰি কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদে কৰা মন্তব্যত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ অসম আন্দোলনক মহীয়ান কৰা ৮৫৫জন শ্বহীদৰ ত্যাগক চৰম উপলুঙা কৰা বিধায়ক শ্বেৰমান আলীক শীঘ্রেই গ্রেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছে৷

উল্লেখ্য যে গৰুখুঁটিৰ উচ্ছেদ ঘটনাৰ আলম লৈ কংগ্রেছী বিধায়কজনে শেহতীয়াকৈ এইবুলি মন্তব্য কৰিছিল যে ১৯৮৩ চনত ছিপাঝাৰত দয়ানাথ শর্মাকে ধৰি ৮জন ঘাতকক মিঞাই মাৰিছিল আৰু তেওঁৰ ক্ষেত্রত হ’লেও তেৱোঁ মাৰিলেহেঁতেন৷ 

সংবাদ মাধ্যমৰ আগত সদম্ভে এই কথা উল্লেখ কৰি কংগ্রেছী বিধায়কজনে কয়– এই ৮জনক মিঞাই মাৰিছিল৷ ময়ো মাৰিলোঁহেঁতেন৷ মোক যদি কোনোবাই মাৰিবলৈ আহে, ময়ো মাৰিম৷ তেওঁলোক কোনো চেলিব্রিটী নহয়৷ তেওঁলোক আছিল ঘাতক৷

উল্লেখ্য যে বাঘবৰৰ কংগ্রেছী বিধায়কজনে ধলপুৰৰ বেদখলকাৰীক কৰা উচ্ছেদ অভিযানৰ প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক হিটলাৰৰ সৈতে তুলনা কৰি শ্বেৰমানে নাগৰিকৰ মৌলিক অধিকাৰ মুখ্যমন্ত্রীগৰাকীয়ে ভংগ কৰা বুলি কৈ এগৰাকী মুখ্যমন্ত্রীয়ে তেওঁৰ ৰাজধর্ম পালন কৰা নাই বুলিও অভিযোগ কৰিছিল৷ তদুপৰি বিধায়কজনে তীব্র অসমীয়াবিদ্বেষী ভাষা প্রয়োগ কৰি ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদৰ প্রতি কেইবাটাও অপমানজনক মন্তব্য কৰে৷

শ্বেৰমানৰ মন্তব্য আছিল– এনেকুৱা ঘাতক মৰিব লাগে৷ দয়ানাথ শর্মা কোনো চেলিব্রিটী নহয়, তেওঁ শ্বহীদো নহয়৷ সেয়াই নহয়, শ্বেৰমান আলীয়ে পুনৰ একাংশ সংবাদ মাধ্যমৰ আগত ১৯৮৩ চনত মইনুল হক হত্যাৰ ন্যায্যতা দিবলৈ অসম আন্দোলনৰ শ্বহীদক অপমান কৰে৷ তেওঁ কয়– জয়নাথ শর্মাৰ ভাতৃয়ে বন্দুক লৈ মানুহ হত্যা কৰিছিল৷ গুলী শেষ হোৱাত তেওঁক হত্যা কৰা হ’ল৷ কোনো চোৰ–ডকাইত মানুহৰ ঘৰত সোমালে সেই চোৰ–ডকাইতক হত্যা কৰিলে শ্বহীদ নহয়৷ অসমৰ জাতীয় শ্বহীদক বাৰম্বাৰ অপমান কৰাৰ পাছতো কোনোধৰণৰ অনুশোচনা নকৰে বুলি মন্তব্য কৰি কংগ্রেছী বিধায়কজনে কয়– মোৰ বিবেকে যি কৈছে, তাত মই অটল আছোঁ৷

ইফালে শ্বেৰমান আলীৰ মন্তব্যক লৈ বৃহস্পতিবাৰে তীব্র প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ধেমাজিত কেবিনেট বৈঠকৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা বার্তালপত মুখ্যমন্ত্রীয়ে কয়– শ্বেৰমান আলীক কংগ্রেছৰ অসমীয়া নেতাই ৰক্ষণাবেক্ষণ দিছে৷ মুখ্যমন্ত্রীয়ে কয়– সমস্যাটো শ্বেৰমান আলী নহয়৷ সমস্যাটো হ’ল শ্বেৰমান আলীৰ দৰে ব্যক্তিক ৰক্ষণাবেক্ষণ দিছে কংগ্রেছৰ অসমীয়া নেতাসকলে৷ শ্বেৰমান আলী কেনেকুৱা ব্যক্তি আমি সকলোৱে জানো৷ তেওঁক ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা দি আহিছে অসমৰ মাটিত ডাঙৰ–দীঘল হোৱা অসমীয়া ব্যক্তিয়ে৷ গতিকে এনেধৰণৰ কথা কোৱা ব্যক্তিক আমি বৰঘৰত সোমাব দিব নালাগে৷ ১৯৮৩ চনত যেনেকৈ আছিল তেনেকৈ থাকিব দিব লাগে৷

আনহাতে মুখ্যমন্ত্রীক হিটলাৰ বুলি কৰা সমালোচনাৰ প্রত্যুত্তৰ দি ড০ শর্মাই কয়– অসমৰ ৰাইজে মই যি কৰি আছোঁ, তেনেকুৱা কৰি থকাটোৱে বিচাৰে৷ শ্বেৰমান আলীয়ে জাতীয় শ্বহীদক কৰা অপমানৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থাই (আছু) তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ 

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– অসমৰ জাতীয় শ্বহীদক কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু ৰাজ্যৰ গৃহ বিভাগেও স্বীকৃতি দিছে৷ গতিকে এনে স্বীকৃতি দিয়া শ্বহীদক অপমান কৰা কংগ্রেছী বিধায়ক শ্বেৰমান আলীক শীঘ্রেই গ্রেপ্তাৰ কৰিব লাগে৷ জাতীয় শ্বহীদসকলে জাতিৰ স্বার্থত আত্মবলিদান দিলে৷ শ্বহীদক কৰা এনে অপমানৰ বাবে শ্বেৰমান আলীক শীঘ্রেই গ্রেপ্তাৰ কৰাৰ প্রয়োজন৷ কিয়নো কংগ্রেছী বিধায়কজনে এনে সময়ত এই বক্তব্য প্রকাশ কৰিছে, যি সময়ত অসমীয়া জাতি গঠন প্রক্রিয়া চলি আছে৷ আনহাতে গৰুখুঁটিত অসমৰ ভূমি বেদখল কৰি আছে অনুপ্রৱেশকাৰীসকলে৷ অসম আন্দোলনত এই বেদখকাৰীয়ে আন্দোলনকাৰীক হানি–খুঁচি হত্যা কৰিছিল৷ সেই অবৈধ বাংলাদেশীৰ প্রবক্তা ৰূপে থিয় দিছে শ্বেৰমান আলী৷ জাতীয় শ্বহীদক কৰা এনে অপমান কেতিয়াও সহ্য কৰা নহ’ব৷ অসম চৰকাৰক সেয়েহে শীঘ্রেই এই বিধায়কজনক গ্রেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ৷

You might also like