নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ গঁড় মাৰি শেষ কৰাৰ দৰে অসম কংগ্ৰেছক ধ্বংস কৰিছে ৰকিবুল হুছেইনে : বিধায়ক তৰংগ গগৈ

‘কংগ্ৰেছৰ শাসন কালত যিদৰে কাজিৰঙাৰ গঁড় মাৰি  শেষ কৰিছিলে সেইদৰে এতিয়া কংগ্ৰেছ দলক মাৰি শেষ কৰিছে ৰকিবুল হুছেইনে। কিয়নো ৰকিবুল হুছেইন হৈছে ধ্বংসকাৰী। যিহেতু বিজেপি চৰকাৰৰ দিনত গঁড় হত্যা বন্ধ হ’ল, সেয়ে গঁড় হত্যা কৰিব নোৱাৰি নিজ দল কংগ্ৰেছকে এতিয়া ধ্বংস কৰিছে ৰকিবুল হুছেইনে।’- আজি এইদৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লয় নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে।

নাহৰকটীয়া চহৰত এটা ধূলি নিষ্কাশন যন্ত্ৰ উদ্বোধন কৰি আজি এই মন্তব্য কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে। বিধায়কগৰাকীয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰি কয় যে যিহেতু গৌৰৱ গগৈ নতুনকৈ আহিছে তেওঁ অসমৰ ৰাজনীতিৰ  সকলো কথা বুজি পোৱা নাই  আৰু তেওঁ পাকিস্তান আদিত ঘূৰি ফুৰা মানুহ আৰু বিদেশত বেছিকৈ সময় দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো কথা নাজানে । সেয়েহে তেওঁ ৰকিবুল হুছেইনৰ পৰামৰ্শ মতে চলে আৰু ধ্বংসকাৰীয়ে কি পৰামৰ্শ দিব, সেয়া ধ্বংস কৰাৰহে পৰামৰ্শ দিব বুলিহে কটাক্ষ কৰে।

আনহাতে, বিৰোধীৰ মিত্ৰতা হ’লে হয়তো ধ্বংস নহ’লহেঁতেন, মিত্ৰতা নহ’ল যেতিয়া এতিয়া দলটো ধ্বংস হ’বলৈ গৈ আছে। ৰকিবুল-গৌৰৱে মিলি অসমত কংগ্ৰেছ শেষ কৰিব বুলিও তেওঁ প্ৰকাশ কৰাৰ লগতে ইংলেণ্ড-পাকিস্তানৰ হ’ব পাৰিলেও গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে আজি বিধায়কগৰাকীয়ে নাহৰকটীয়া পৌৰসভাই নগৰখনক ধূলিৰ পৰা পৰিত্ৰাণ দিবলৈ অনা Swepping Machineৰ শুভাৰম্ভ কৰি Swepping Machine-এ বালি চাফা কৰাৰ দৰে অসমত বিৰোধীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাফা কৰি দিলে বুলি মন্তব্য কৰে ।

বিশেষ বার্তা, নাহৰকটীয়া, ৯ মাৰ্চ :

You might also like