জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল তথা জোনাইৰ আয়ুসৰেখাস্বৰূপ ধেমাজি জিলাৰ একমাত্ৰ বাছি থকা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য ‘পবা’ত দেওবাৰে ৰূপায়ণ কৰা হয় অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন ‘ইক’চ অৱ পবা’ৰ উদ্যোগত এক বিশেষ পৰিদৰ্শন কাৰ্যসূচী৷
এই পৰিদৰ্শনত অংশগ্ৰহণ কৰে জোনাইৰ বিভিন্ন স্থানীয় সংগঠন ক্ৰমে টি এম পি কে, সদৌ অসম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিৰ লগতে কেইবাগৰাকীও স্থানীয় প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে৷ জোনাই বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ লেকু বীট খণ্ডৰ পৰা আৰম্ভ হোৱা এই পৰিদৰ্শনৰ সময়ত অংশগ্ৰহণকাৰীসকলে পবা অভয়াৰণ্যৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে তাত থকা বিভিন্ন বন্য জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰ উপস্থিতি চিনাক্ত কৰে।
কিন্তু এই পৰিদৰ্শনৰ সময়তে ‘পবা’ৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক বুলি প্ৰতীয়মান হয়। অংশগ্ৰহণকাৰীসকলে উল্লেখ কৰে যে ‘পবা’ৰ দাঁতিকাষৰীয়া অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে অবৈধভাৱে বনভূমি বেদখল কৰাৰ লগতে বহু ঠাইত গছ-গছনি কাটি বনধ্বংস কৰাৰ ঘটনা প্ৰত্যক্ষ কৰে।
পৰিদৰ্শনৰ সময়ত জোনাইৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা অৱসৰপ্ৰাপ্ত শিক্ষক টুষেশ্বৰ মিৰি আগৰৱালাই ‘পবা’ৰ বিভিন্ন অঞ্চলত ভূমি বেদখল, গছ-গছনি কাটি এফালৰ পৰা বনধ্বংস কৰি থকা কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জোনাই বন বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ বাবেই ‘পবা’ৰ বুকুত একাংশ বন মাফিয়াই নিৰ্বিঘ্নে বনধ্বংস যজ্ঞ চলাবলৈ সাহস পাইছে বুলিও কয় বিশিষ্ট প্ৰকৃতিপ্ৰেমী তুষেশ্বৰ মিৰি আগৰৱালাই৷
আনহাতে, পৰিদৰ্শনকাৰী দলটোৱে পবাৰ বিভিন্ন অঞ্চলত অবৈধভাৱে বনভূমি দখল কৰি খেতি-বাতি চলোৱা, গোহালি স্থাপন কৰা আদি ঘটনাৰো প্ৰমাণ পোৱা বুলি দাবী কৰে।
ইফালে, পৰিদৰ্শনকাৰী দলটোৱে স্পষ্টকৈ দাবী জনায় যে ‘পবা’ৰ ভিতৰত বনধ্বংস যজ্ঞ চলোৱা বনদস্যু আৰু বনভূমি বেদখল কৰি খেতি কৰা লোকসকলক শীঘ্ৰে চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ উক্ত পৰিদৰ্শনত অংশগ্ৰহণ কৰে জোনাই বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈয়েও৷