ৰাজ্যত নতুনকৈ ৫৬ গৰাকী লোকৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ১২৭২ জনলৈ বৃদ্ধি
নিয়মীয়া বার্তা, ৩১ মে’: ৰাজ্যত নতুনকৈ ৫৬ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৮ গৰাকী লখিমপুৰৰ, ১২ গৰাকী বৰপেটাৰ, ৭ গৰাকী ওডালগুৰিৰ, ৫ গৰাকী বাক্সাৰ, ৫ গৰাকী ধুবুৰীৰ, ৩ গৰাকী কামৰূপৰ, ২ গৰাকী ধেমাজিৰ, ২ গৰাকী বিমান বন্দৰৰ, এগৰাকী নলবাৰীৰ ; আন এগৰাকীৰ ঠিকনা নিশ্চিত কৰিবলৈ বাকী আছে ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১২৭২ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ১১০২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
আনহাতে ১৬৩ জন লোক সুস্থ হোৱাৰ বিপৰীতে বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা ৪ জন হৈছে ।
?Alert ~ 56 new cases of #COVID19+
18 Lakhimpur, 12 Barpeta, 7 Udalguri, 5 Baksa, 5 Dhubri, 3 Kamrup, 2 Dhemaji, 2 Airport, 1 Nalbari, 1 (to ascertain)
↗️Total cases 1272
↗️Recovered 163
↗️Active cases 1102
↗️Deaths 04Update 1:40 pm/ May 31/Day’s total 56#AssamCovidCount pic.twitter.com/eXRHfx9xU3
— Himanta Biswa Sarma (@himantabiswa) May 31, 2020