নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রিকেট দললৈ ২৫ লাখ আর্থিক পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: অসম ক্রিকেট সন্থাৰ নৱনির্বাচিত সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে অসম ক্রিকেট দললৈ ২৫ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়াইছে৷ বিজয় হাজাৰে ট্রফীত অনবদ্য প্রদর্শন দাঙি ধৰা বাবে দলটোলৈ এই আর্থিক পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ তদুপৰি সহায়ক ষ্টাফলৈ আগবঢ়াইছে ১০ লাখ টকাৰ আর্থিক পুৰস্কাৰ৷ এই পুৰস্কাৰে অসম ক্রিকেট দলৰ প্রতিগৰাকী সদস্যক এই অনন্য প্রদর্শনৰ ধাৰা অব্যাহত ৰাখিবলৈ অনুপ্রাণিত কৰিব বুলি আশা প্রকাশ কৰিছে সভাপতি গগৈয়ে৷ উল্লেখ্য যে এইবাৰ প্রতিযোগিতাখনত অভাৱনীয় প্রদর্শন দাঙি ধৰা অসমে ছেমিত অসমে শক্তিশালী মহাৰাষ্ট্রৰ বিপক্ষে কঠিন যুঁজৰ অন্তত পৰাজিত হৈছে৷ ইপিনে আজি তৰংগ গগৈয়ে অসম ক্রিকেট সন্থাৰ সভাপতিৰূপে দায়িত্ব গ্রহণ কৰে৷ ইয়াৰ পিছত তেওঁ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷ ৰাজ্যৰ ক্রিকেট ক্ষেত্রখনৰ সর্বাংগীণ উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে তেওঁ প্রতিশ্রুতিবদ্ধ আৰু এইক্ষেত্রত প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে কিছুদিন পূর্বে অনুষ্ঠিত অসম ক্রিকেট সন্থাৰ বার্ষিক সভাত গগৈক সর্বসন্মতিক্রমে সভাপতি ৰূপে নির্বাচিত কৰা হৈছিল৷

You might also like