নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদনত দাখিল অসম পৰীক্ষা বিধেয়ক

বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে এখন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিল কৰা হয়। আজি সদনত দাখিল কৰা বিধেয়কখন হ’ল অসম পৰীক্ষা বিধেয়ক। বিধেয়কখন গৃহীত হ’লে পৰীক্ষাত নকল কৰা আৰু প্ৰশ্নকাকত ফাদিল কৰাসকলক নাকী লগাবলৈ সক্ষম হ’ব চৰকাৰ । ইয়াৰ লগে লগে পেপাৰ ফাদিল আৰু নকলৰ সৈতে জড়িতসকলক জে’লত ভৰাবলৈও সাজু হৈছে ৰাজ্য চৰকাৰ । উল্লেখ্য যে বিধেয়কখন গৃহীত হ’লে পৰীক্ষাত নকল কৰিলে তিনি বছৰ পৰ্যন্ত জে’ল, ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আনহাতে, প্ৰশ্নকাকত ফাদিলত জড়িত থাকিলে ৫ৰ পৰা ১০ বছৰলৈকে জে’ল আৰু ১০ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

You might also like