নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাখাপট্টনমত টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী ইংৰাজ বাহিনী

🔹 প্লেয়াৰ অৱ দ্য মেচ যশপ্ৰীত বুমৰাহ

বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : বিশাখাপট্টনমত চলি থকা দ্বিতীয় টেষ্টত জয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে। আজি ইংৰাজ বাহিনীৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ ৰোহিত শর্মাৰ দলক ৯ উইকেটৰ প্রয়োজন আছিল৷ ইয়াৰ বিপৰীতে জয়লাভৰ বাবে বেন ষ্ট’কছ বাহিনীক প্রয়োজন আছিল ৩৩২ ৰানৰ৷ মেচ শেষ হ’বলৈ কাইলৈৰ দিনটো বাকী থকা অৱস্থাত ভাৰতীয় দলৰ বলাৰসকলে ইংৰাজ বাহিনীৰ আটাইকেইটা উইকেটৰ পতন ঘটাই জয়লাভ কৰে৷ ভাৰতৰ দ্বিতীয় ইনিংছ ২৫৫ ৰানত শেষ হোৱাৰ পিছত জয়ৰ বাবে ইংলেণ্ডৰ সন্মুখত ৩৯৮ ৰান লক্ষ্য বান্ধি দিয়ে৷ কালি খেল শেষ হোৱাৰ সময়ত ইংলেণ্ডে ১ উইকেটত ৬৭ ৰান সংগ্রহ কৰে৷ বেন ডাকেটে ২৮ ৰান কৰি আউট হয় ৰবিচন্দ্রন অশ্বিনৰ বলত৷ দিনান্তত অপৰাজিত হৈ আছে জেক ক্র’লি (২৯) আৰু ৰেহান আহমেদ (৯)৷ লক্ষ্য বৃহৎ হ’লেও চতুর্থ ইনিংছত আগ্রাসী ক্রিকেটকে বাছি লয় ইংলেণ্ডে৷ চতুৰ্থ ইনিংছত জেক ক্ৰাউলীয়ে ৭৩ৰ বাহিৰে কোনো এগৰাকী ইংৰাজ বেটছমেনে ভাৰতৰ ৰান সংখ্যাক অতিক্ৰম কৰা ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ সক্ষম নহ’ল। ইংলেণ্ডৰ দ্বিতীয় ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৩টাকৈ আৰু মুকেশ-কুলদীপ-অক্ষৰে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়। ভাৰতে বেন ষ্ট’কছৰ ইংৰাজৰ বাহিনীৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ১০৬ ৰানত জয়লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে ইয়াৰ আগতে ভাৰতীয় বেটাৰসকলে দ্বিতীয় ইনিংছত প্রত্যাশিত ৰান সংগ্রহত ব্যর্থ হয়৷ অৱশ্যে শুভমন গিলৰ বেটৰ পৰা আহে বহু আকাংক্ষিত শতৰান৷ ১১ মাহৰ পিছত ৰঙা বলৰ ক্রিকেটত শতৰান কৰে তেওঁ৷ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে যশপ্ৰীত বুমৰাহে।

You might also like