নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গেছ কোম্পানী-বিচিপিএলৰ মাজত চুক্তি সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অসম চৰকাৰৰ অধীনস্থ গেছভিত্তিক লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেচ কোম্পানী লিমিটেড আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেড (বিচিপিএল )ৰ মাজত গেছ ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় এক চুক্তি সম্পন্ন হয়। বিচিপিএলৰ ডিব্ৰুগড়স্থিত কাৰ্যালয়ৰ প্ৰশাসনিক ভৱনত আজি সম্পন্ন হয় এই আনুষ্ঠানিকতা। চুক্তি অনুসৰি অসম গেছ কোম্পানী লিমিটেডে দৈনিক নিৰ্ধাৰিত ২ লাখ SCM প্ৰাকৃতিক গেছ বিচিপিএলৰ লাকুৱা প্লাণ্টক যোগান ধৰিব লাগিব আৰু বিচিপিএলয়েও নিৰ্ধাৰিত পৰিমাণৰ প্ৰাকৃতিক গেছ অসম গেছ কোম্পানীৰ পৰা ক্ৰয় কৰিব লাগিব। উচ্চস্তৰীয় সূত্ৰ অনুসৰি অসম গেছ কোম্পানী লিমিটেডে এই গেছ আমগুৰি ক্ষেত্ৰৰ পৰা বিচিপিএলৰ লাকুৱা প্লাণ্টলৈ সৰবৰাহ কৰিব। অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী আৰু বিচিপিএলৰ মহা প্ৰৱন্ধক (অপাৰেচন) প্ৰাঞ্জল চাংমায়ে আনুষ্ঠানিকভাৱে চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত বিচিপিএলৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা, বিত্ত সঞ্চালক পৃথীৰাজ দাস, অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য বিত্ত বিষয়া হৰেন চন্দ্ৰ মহন্ত আদি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like