নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ আমেৰভিটাত বন বিভাগৰ অভিযানত জব্দ বালি উঠোৱা মেচিন

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আমেৰভিটা অঞ্চলত বন বিভাগৰ দলে আজি অভিযান চলাই বৰলুইতৰ বুকুৰ পৰা অবৈধ ভাৱে বালি নিষ্কাসন কৰিবলৈ ব্যৱহাৰ কৰা এটি মেছিন জব্দ কৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ স্থানীয় ব্যক্তি এগৰাকীৰ অভিযোগৰ ভিত্তিত আজি সেই অভিযান চলোৱা হৈছিল বুলি বনবিভাগ সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত নৈৰ বালিৰ অৱৈধ খননৰ সৈতে যুক্ত বহু কেইটা চক্ৰ সক্ৰিয় হৈ থকা বুলি স্থানীয় মহল একাংশই দীৰ্ঘদিনৰ পৰাই উচ্চাৰিত কৰি আহিছে। ল’গতে নৈ এখনৰ সোঁত প্ৰবাহৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ কোনো ধৰণৰ বিজ্ঞানসন্মত অধ্যয়ন অৱিহনে চলি থকা এইদৰে চলি থকা অৱৈধ খননৰ ফলতেই বিগত কেইবা বছৰৰ পৰা বৰলুইতৰ গৰাখহনীয়াই ব্যাপক ৰূপ লৈছে নেকি বুলিও কিন্তু প্ৰশ্ন উত্থাপিত কৰি আহিছে সেই মহলবোৰে। ইপিনে বৰলুইতকে ধৰি জিলাখনেৰে বৈ যোৱা নৈবোৰৰ বুকুত চলি থকা অবাধ, অবৈধ বালি খননৰ ফলত চৰকাৰে বছৰি বছৰি লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈ আছে। কিন্তু তৎস্বত্বেও ধুবুৰী বন বিভাগে বিষয়টো লৈ আজিলৈ যথাযথ গুৰুত্বতা প্ৰদান নকৰা বুলিও কিন্তু সময়ে সময়ে উচ্চাৰিত হৈ আহিছে। মাজে মাজে সময়ে কেইখন মান অৱৈধ বালিভৰ্তি ডাম্পাৰ অথৱা অইন বাহন কৰায়ত্ব কৰিয়েই দায়িত্ব সামৰা ধুবুৰী বন বিভাগে অৱৈধ বালি খননৰ চক্ৰৰ সৈতে জড়িত সকলক কৰায়ত্ব কৰাৰ বিষয়টো লৈ আজিলৈ আন্তৰিকতা প্ৰদৰ্শন নকৰাটো ৰহস্যজনক বুলিয়েই বিৱেচিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like